পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০০
অসমীয়া সাহিত্যৰ চানেকি।

এহি মতে দুয়ো জনে সুচাই কহিলা।
পণ্ডিত সকলে অনুমোদন কৰিলা॥
সূচক বাক্য ৰাজা ধৰিলা মনত।
নৃপতিৰ ৰাজ্য ভঙ্গ যোগ উপগত॥
হৰি ভকতক দ্বেষ কৰিবাক মনে।
ধোপধৰা সৰক বুলিলা তেতিক্ষণে॥
চলা ধোপধৰা দামোদৰৰ পাশক।
কি কাৰণে নুপূজয় জগত-মাৱক॥
যদি দেবী পূজয় থাকোক সেহি থান।
নুহি তেবে মোৰ থানে শীঘ্ৰ কৰি আন॥
শুনি ধোপধৰা তেতিক্ষণে চলি গৈলা।
কতিপয় দিনে বড়পেটা আসি পাইলা॥
হৰি মন্দিৰত প্ৰভু বসিয়া আছন্ত।
পূৰ্ণিমাৰ চকু যেন প্ৰকাশ কৰন্ত॥
চাৰিপাশে বেঢ়িয়া আছন্ত ভক্তগণ।
সেহি বেলা ৰাজ দূত আসি উপাসন্ন॥
তাসম্বাক বৈষ্ণৱৰ তেজে ধৰষিলা।
দণ্ডৱতে পড়ি সবে প্ৰণাম কৰিলা॥
তাৰ সমস্তক প্ৰভু আশ্বাস কৰিলা।
আসনক দিয়া পাছে কুশল পুছিলা॥
হৰিৰ নিৰ্ম্মাল্য পুষ্প চন্দন দিলন্ত।
তাম্বুল প্ৰসাদ দিয়া ৰঙ্গে পুছিলন্ত॥
কিবা কাৰ্য্যে ইথানক আসিছা আপুনি।
দূত সবে বচন বুলিলা হেন শুনি॥
নমো নমো দামোদৰ তোমাৰ চৰণে।
ৰাজ আজ্ঞা কহো প্ৰভু শুনা এক মনে॥
দুৰ্জ্জনে ৰাজাৰ আগে লগালেক খল।
দেবীপূজা এড়াইলা লোকৰ সকল॥
গঙ্গাক নমানে পিতৃশ্ৰাদ্ধ এড়িলেক।
শুনি নৃপতিৰ ক্ৰোধ ভৈল অতিৰেক॥