কামেশ্বৰ গিৰি নামে সন্যাসী আছিলা।
শিৱবৰ দৈবজ্ঞ সহিতে আলোচিলা॥
দুয়ো বৈষ্ণবক দেখে পৰম পামৰ।
হৰি ভক্তি পন্থে বাদ কৰে নিৰন্তৰ॥
ৰজাত জানাইলা দুৱো আলোচিয়া কাৰ্য্য।
শুনা মহাৰাজ নষ্ট ভৈলা তযু ৰাজ্য॥
ৰজা হুয়া তুমি চেষ্টা নকৰা ৰাজ্যৰ।
অন্যায় প্ৰবৰ্ত্তে তযু প্ৰজা নিৰন্তৰ॥
গোসানীৰ ৰাজ্য কামৰূপ নামে খ্যাত।
তযু মাতৃ কামাখ্যা জগত প্ৰখ্যাত॥
চৰাচৰ জগত স্ৰজিলা দুৰ্গাদেবী।
ব্ৰহ্মা আদি দেৱে সিদ্ধি পাৱে যাক সেৱি॥
চৰাচৰ জগতৰ দুৰ্গা সে কাৰণ।
হেন দুৰ্গা পূজা নকৰয় একজন॥
তযু ৰাজ্য নষ্ট ভৈল জনালোঁ তোমাত।
যেন মনে লোৱে তাকে কৰিয়ো সাম্প্ৰত॥
শুনি নৰপতি আতি ক্ৰোধ বৰ ভৈলা।
দুহান্তক মাতি কথা পুছিবাক লৈলা॥
শুনা কামেশ্বৰ শুনিয়োক শিৱবৰ।
কোনজনে দেবীপূজা খণ্ডাইলা লোকৰ॥
কোনে নুপূজয় দুৰ্গা ৰাজ্যত আমাৰ।
সত্বৰে কহিয়ো মই সাধো প্ৰতিকাৰ॥
শুনি দুয়োজনে পূৰ্ব্বাপৰ কহিলেক।
দামোদৰ নামে আছে জানা পুৰুষেক॥
বিশিষ্ট ব্ৰাহ্মণ কূলে উৎপত্তি ভৈলা।
কামৰূপে বড়পেটা গ্ৰামে সত্ৰ কৈলা॥
তেহে এক শৰণ লগাইলা লোকক।
শৰত কালৰ পূজা লোকে এড়িলেক॥
আন দেৱতাৰ নাম নুশুনয় কাণে।
ভাগৱত ধৰ্ম্ম প্ৰবৰ্ত্তাইলা থানে থানে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৯৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯৯
গুৰুলীলা।