পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯৫
গুৰুলীলা।

প্ৰভাত ভৈলেক   স্নান কৰিলেক,
 প্ৰসঙ্গে বসিলা তথা।
আনন্দ লভিলা মনত হৰিষে,
 শুনিলন্ত হৰি কথা॥
প্ৰসঙ্গ থৈলেক  ভকত সকল,
 বসিয়া তথা আছন্ত।
সেহি সময়ত  মধুৰ বচনে,
 বংশীত মাতি সোধন্ত॥
শুনিয়োক বংশী  পূৰ্ব্ব হন্তে তুমি,
 কি কাৰ্য্যে আসিলা এথা।
বংশীদেৱে পাছে  দামোদৰ আগে,
  কহিলা সকল কথা॥
শৰণ লৈবাক  আসিছোঁ ইথানে,
 কৈলো তযু চৰণত।
শৰণ কৰায়ো আমাক সম্প্ৰতি
 হেৰা কৰো দণ্ডৱত।।
এহি বুলি পাছে ৰি দন্তৱত,
 আগত পড়িল তথা।
দামোদৰে পাছে পৰম কৃপায়ে,
  কহিলন্ত তত্ত্ব কথা॥
তিনি দণ্ডৱত  কৰি বংশীদেৱ,
  কৃতাঞ্জলি কৰি ৰৈলা।
যথাযোগ্য পাছে শৰণৰ ক্ৰম,
 বংশীৰ আগে কহিলা।।
সন্ত গুৰু সমে ঈশ্বৰক ভিন্ন,
 নকৰিবা কদাচিত।
হৰি নামে ৰতি ভকতত প্ৰীতি
  কৰিবা একান্ত চিত॥