পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২৪
অসমীয়া সাহিত্যৰ চানেকি।

শঙ্কৰ গোমাস্তা, বুলিলন্ত কথা,
 স্বৰূপ শুন বচন।
আমাত মাগিলা শৰণৰ থান,
 দেখাওঁ নিয়া বিদ্যমান॥
তথা হন্তে পাচে নাওঁত চৰিয়া,
 ঘাটে নাও লগাইলন্ত।
নাওঁত বাখিয়া তাৰা সমস্তক,
 শঙ্কৰে উঠি গৈলন্ত॥
দামোদৰে পাছে দেখন্ত শঙ্কৰে
 আসে হতে লোটা ধৰি।
স্নানক উদ্যমে যিমতে আছিলা
 আসিলা নাওত চৰি॥
দামোদৰে দেখি পুছিলন্ত কথা
 শঙ্কৰে সমস্তে কৈলা।
বংশী দ্বিজ এক  শৰণ হৈবাক
 আপোনাৰ স্থানে আইলা॥
আপুনি শৰণ  কৰায়োক দেৱ
 স্বৰূপ বোলো বচন।
এহি কথা কহি  গৃহক গৈলন্ত
 তথাতে কৰি ভোজন॥
দামোদৰে পাছে ভকত পঠাই
 তাসম্বাক নিয়াইলন্ত।
কথা বাৰ্ত্তা পুছি ৰহিবাক তথা
 বাসক পাছে দিলন্ত॥
যথাযোগ্যে পাছে ভোজন কৰাইলা
 মনত সন্তোষে আতি।
পৰম সাদৰে হৰি কথা শুনি,
 আনন্দে বঞ্চিলা ৰাতি॥