পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
একাদশ স্বন্ধ।

ধৰ্ম্ম মোক্ষ কাম অৰ্থ ইসব সকলে।
তোমাৰে সে আত আসি সিজে অবিকলে॥
ঈশ্বৰ সুমৰি গুণ ফুটে যেন প্ৰাণ।
চিত্ত স্থিৰ হোক মোৰ দিয়া সমিধান॥
আজি পৰিচ্ছেদ ভৈল তযু দৰশনে।
এতেক বোলন্তে ঝড়ে লোকত নয়নে॥
অঝোৰন্তে নাসে মাত গদ গদ বাণী।
দেখিয়া বোলন্ত মহা স্নেহে চক্ৰপাণি॥
বান্ধৱ উদ্ধৱ হেৰা পৰি হৰা খেদ।
মোক্ষতম ভকতিৰ দিয়োঁ পৰিছেদ॥
পৰম ৰহস্য ইতো ধৰম আমাৰ।
শ্ৰদ্ধায়ে শুনন্তে তৰে দুস্তৰ সংসাৰ॥
কহিবাক বাকি কি নথাকয় তোমাত।
তুমি সি পৰম মোৰ সুহৃদ সাক্ষাত॥
নিষ্ট কৰি কহোঁ সাৱধানে শুনা তুমি।
ভকত যথাত থাকে সেহি পুণ্যভূমি॥
মোৰ কথা যথাত নিগুৰ্ণ সেহি থান।
ঈশ্বৰক জানিলে নিগুৰ্ণ হৱে জ্ঞান॥
বুলিয়া নিগুৰ্ণ শ্ৰদ্ধা মোহোৰ সেৱাৰ।
নিগুণ গতিক পাৱে ভকতে আমাৰ॥
আত্ম জ্ঞান গণে হৱে মায়ায়ে মোহিত।
জানি মোৰ সেৱাত একান্তে দিয়া চিত॥
নকৰিবা সেৱা সখি আন দেৱতাক।
নুহি জানা ভকতি আমাৰ ব্যতিৰেক॥
ভকতৰ সঙ্গ সখি লৈয়া প্ৰথমত।
শ্ৰৱণ কীৰ্ত্তন মোৰ কৰিবা সতত॥
অনেক একত্ৰ হুয়া কৰি হৰি ৰৱ।
কৰিবা আমাৰ মহা যাত্ৰা মহোৎসৱ॥
দণ্ড ছত্ৰ বিচিত্ৰ চামৰ চতুৰ্দ্দোলে।
ফিৰাৱে আমাক মই বাদ্য ভাণ্ড ৰোলে॥