মোৰ যশ গায়া যিতো জনে ফুৰে নিত্য।
নাহি তব চিন্তা সিতো ভৈলা কৃতকত্য॥
বাৱে হাত তালি যিতো কৰিয়া। কীৰ্ত্তন।
মোৰ প্ৰেম ভাৱত আন্দোল কৰে মন॥
ভূমিত লুটিয়া পৰি যিতো মহাশয়।
যাওঁ সত্যে সত্যে সখি তাগাত বিক্ৰয়॥
শুনিয়ো উদ্ধৱ আৰু ৰহস্য ভকতি।
কৰিবা অভ্যাস তুমি হিৰ কৰি নতি॥
বাহিবে ভিতৰে জানা ইতো জগতৰ।
পৰিপূৰ্ণ ভাৱে আছো মঞি মহেশ্বৰ॥
জানি ইতো তত্ব কথা স্থিৰ কৰি চিত।
মোকেসে দেখিবে মাত্ৰ সমস্ত প্ৰাণীত॥
আপুনাত দেখিবা ঈশ্বৰ অন্তৰ্য্যামী।
জ্ঞান দৃষ্টি কৰি মোক ফুৰিবা প্ৰণামি॥
ব্ৰাহ্মণ চাণ্ডাল নিবিচাৰি জাতি কুল।
মিত্ৰত বৈৰত যাৰ দৃষ্টি এক তুল॥
নীচত সাধুত যাৰ ভৈলা এক জ্ঞান।
তাকেসে পণ্ডিত বোলে সিসে সৰ্ব্বজান॥
বিশেষত মনুষ্য গণত যিতো নৰে।
জ্ঞান দৃষ্টি সৰ্ব্বদায়ে মোক মান্য কৰে॥
হৰিষ অসূয়া অহঙ্কাৰ তিৰস্কাৰ।
নষ্ট হুই সবে তেবে তাৱক্ষণে তাৰ॥
ঈশ্বৰ ভাবনা সখি সত্যে দেই ফল।
হেন জানি ত্যজিয়োক মনৰ বিকল॥
হুইবে আপুনি পূৰ্ব্ব বাসন বিনাশ।
মোহোৰ সন্মত হেন কবিবা আভ্যাস॥
দেখি সখী গণে যেন হাসে মোক বেঢ়ি।
ময় সাধু ইতো নিষ্ট হেনা লজ্জা এৰি॥
কুকুৰ চণ্ডাল গৰ্দ্দভৰ আত্মা ৰাম।
জানিয়া সাবাকো পৰি কৰিবা প্ৰণাম॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
অসমীয়া সাহিত্যৰ চানেকি।