পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একাদশ স্কন্দ ৫৯

মাৰন্তে ভুঞ্জতে তেবে নিৰ্গুণ কুকুৰ।
তথাপি উচ্ছিষ্ট ভুঞ্জে ত্যজি নযায় দূৰ॥
কাটিবাক আনন্তে নিৰ্গত যেন ছাগ।
লাথি পায়ো গাধ গৰ্দ্দভীৰ নেৰে লাগ॥
সেহি মতে দেখ মায়া জানি নিৰন্তৰে।
তোমাক নভজি কিয় আত্মাঘাত কৰে॥
মাধৱে বোলন্ত সখি শুনা পৰিছেদ।
পঢ়ে সৱে মাত্ৰ যেবে জানি চাৰিবেদ॥
কৰিবে নোৱাৰে মোত তথাপি ভকতি।
নলৱয় নৰে যেবে সন্তৰ সঙ্গতি॥
কৰ্ণত কহন্ত কৃষ্ণ কথা গোপ্য কৰি।
নাহিকে উপায় সখি সৎ সঙ্গত সৰি॥
আমাক নপাৱে মহাজ্ঞানী কৰ্ম্ম লোক।
সাধু সঙ্গে আৱশ্যকে বশ্য কৰে মোক॥
নপাৰয় মোক যোগ যাগ যজ্ঞ দানে।
মহামন্ত্ৰ জপি কোটি শত তীৰ্থ স্নানে॥
নপাৱে আমাক একাদশী উপবাসে।
নকৰয় বশ্য মোক পৰম সন্ন্যাসে॥
আন কৰ্ম্ম এড়িয়া মিছাত মৰে লোক।
ভকতৰ সঙ্গে শেষ মাত্ৰ জানে মোক॥
কহিলোহোঁ গোপ্য কথা শুনিয়ো উদ্ধৱ।
যি হেতু ভকত তুমি পৰম বান্ধৱ॥
মোক্ষত অধিক সখি সাধুৰ সঙ্গম।
যাহাৰ ৰেণুক স্বৰ্গ সুখে নহে সম॥
সাধু সঙ্গে অনেক পাইলেক মোৰ গতি।
দেওঁ লেখা সখি তাক শুনিও সম্প্ৰতি॥
যক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু পালে পাল।
স্ত্ৰী শূদ্ৰ অন্ত্য জাতি অধম চণ্ডাল॥
ই সৱত অধিক অনেক পাপ মতি।
ভকতৰ সঙ্গত পাইলেক মোৰ গতি॥