বিভীষণ বিৰাধ প্ৰহ্লাদ বলী বাণে।
জাম্বুবান জণ্ঠৰ সুগ্ৰীৱ হনুমানে॥
মালাকাৰকুজি ধৰ্ম্ম ব্যাধ তুলাধব।
দ্বিজ ভাৰ্য্যা ব্ৰজবাসী গোপী অনাচাৰ॥
নাই তপ ব্ৰত শৌচ নপঢ়িলে বেদ।
নজানে অজ্ঞানে একো শাস্ত্ৰ তত্ত্ব ভেদ॥
কেৱল সাধুৰ সঙ্গ মোক্ষ সাধে গতি।
সৎ সঙ্গত পৰে নাই উপায় সম্প্ৰতি॥
দেৱতো তীৰ্থত কৰি ভকতে সে বড়।
ভকতৰ সঙ্গ পালে গুচে কৰ্ম্ম জড়॥
কৱে যেৱে ভকতি ঈশ্বৰ মনে মানি।
কহিলো তোমাত সখি ইতো তত্ত্ব বাণী॥
নাহি এবে ভকতৰ নাহিকে অন্তৰ।
মোৰ সঙ্গ এবে সখি সঙ্গতি সন্তৰ॥
এতেকে লৈয়োক সাধু সঙ্গ সৰ্ব্বক্ষণ।
শুনিয়োক সখি এবে সাধুৰ লক্ষণ॥
ভকতিসে সমস্ত পুণ্যৰ হৱে পাত্ৰ।
জানি নিজ ধৰ্ম্ম ত্যজি মোক ভজে মাত্ৰ॥
সুহৃদ বিশ্বাস মোতে কৰিলে নিশ্চয়।
সেহি মহা সাধু সখি নাহিকে সংশয়॥
আন দেৱ নাৰাধে নসাধে স্বৰ্গ কাম।
নেৰে সুখে দুঃখে মুখে মোৰ গুণ নাম॥
মোৰ মূৰ্ত্তি মনে নিতে হৃদয়ত ধৰে।
জানা সখি সেহি মহা সাধু সুখে তৰে॥
তাৰ সঙ্গে ক্ষণেক আমাক কৰে বশ্য।
পুনঃ পুনঃ প্ৰাণ সখি কহিলো ৰহস্য॥
জগতৰ ধৰ্ম্ম কৰ্ম্ম জানা নিষ্ট কৰি।
ভকতৰ সঙ্গ ৰেণুক নহে সৰি॥
আপুনি দেখিলা গোকুলত মহামতি।
ব্যভিচাৰী দুষ্টা যত গোপৰ যুৱতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
অসমীয়া সাহিত্যৰ চানেকি।