পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

জন্মদ্যিস্য শ্লোকৰ কীৰ্ত্তন। ৪৯৫ অৱতাৰ হুয়া, ব্যাস মহাঋষি, নাৰদক গুৰু মানি। আসন্তোষ চয়, কৰিলন্ত ক্ষয়, ভজিলন্ত চক্ৰপাণি॥ শিষ্য সমস্তকো, | উপদেশ দিয়া, | কৃষ্ণক কৰিলা ধ্যান। আমি কোন মুখে, কৃষ্ণক নামানো, ব্যৰ্থে ধৰে। ইতে প্ৰাণ ব্যাসত অধিক, পণ্ডিত হৈলোঁহে, | কৃষ্ণৰ ধ্যান তেজিলোঁ। সকাম কৰ্ম্মৰ, বহু ফল শুনি, তাতে মাত্ৰ মন দিলো। নমো দামোদৰ, মোৰ সমসৰ, নাহিকয় মহাপাপ। অমৃতক তেজোঁ, বিষয়ক ভুঞ্জে, নতৰৰ সংসাৰ তাপ॥ এভো কৃপা কৰাঁ, | দাস বুলি ধৰাঁ, দিয়োক সাধু সঙ্গতি। তাসম্বৰ সঙ্গে, থাকি মহা ৰঙ্গে, কৰিৰো তযু ভকতি ৫ বুলিবো সততে, গোবিন্দ মাধৱ, চিদানন্দ সদানন্দ। ভকৎ বৎসল, | কৃপাৰ সাগৰ, নকৰিবা মোক মন্দ। ইতো ঘোষ৷ ৰত্ন, কৰা আত যত্ন, সততে কৰা বিচাৰ। ইহাৰ বিচাৰে, লভিবাঁহা সাৰে সাৰ। কৃষ্ণৰ ভকতি,