পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৯৩ জন্মাদ্যস্য শ্লোকৰ কীৰ্ত্তন। যি শাস্ত্ৰে আদ্যত, | মহামন্ত্ৰ পঢ়ি, হৰিক ব্যাসে স্মৰিলা। সকামে নিস্কামে, | তৰে নানা ধৰ্ম্মে, ব্যাসে যাত দেখাই দিলা॥ বৃত্ৰাসুৰ বধ, | যাহাতে আছয়, তাকে ভাগৱত বুলি। হেন ভাগৱত, লিখিয়া বিপ্ৰক, দান দেই হাতে তুলি। কিন্তু সুবৰ্ণব, সিংহাসনে থোৱা, ৰাজা সবে দিব দান। নো সবে দান, দিবেক সুবৰ্ণ, খিলাৰ কৰি প্ৰমান অমাবস্যা চাই, কতো দান দেই, কতো দেই পূৰ্ণিমাত। দানৰ প্ৰসাদে, | মহা প্ৰমাদে, বৈকুণ্ঠ পাৱে সাক্ষাত। আঠৰ হাজাৰ, শ্লোক আছে যাত, তাকে বুলি ভাগৱত। পদ্ম পুৰাণতে, | অম্বৰিষ আগে, গৌতমে কৈছে সৰ্তত॥ ভাগৱত শুনা, | তাৰিষ তুমি, কৰিয়া মনে নিশ্চয়। কোন দিন পৰা, আজ্ঞা দিলো মঞি, | তেজিয়ে মনে সংশয়। তাকে ভাগৱত, মহন্তে বোলয়, শুকে যাক কহি আছা। ইহাৰ কীৰ্ত্তনে, সংসাৰ নিস্তৰা, | যদি মনে কৰা বাঞ্ছা।