পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৯২ অসমীয়া সাহিত্যৰ চানেকি। ময়ে তাঙ্কে ধ্যানে, তান কুপা পাওঁ, নবিদব কৃপা পাই। এখনে জানিলো, | তান্ত বিনা মোৰ, ইষ্টদেৱ আন নাই।। যিহেতু ব্ৰহ্মবি, | পৰাধীন জ্ঞান, স্বতঃসিদ্ধ ভগৱান। জগত কাৰণ, ভৱ নিস্তাবণ, এতেকেসে তাঙ্কে ধ্যান। সমস্ত জগত, যাৰ সকাশত, সান্ত হেন প্ৰকাশয়। এতেকেহে মঞি, তাহাঙ্কে ধিয়া , কৰিয়া মনে নিশ্চয়। সেইমতে আন, বেদৰ ৰহস্য, মন্ত্ৰ পঢ়ি প্ৰথমতে। আবম্ভিলা মাত্ৰ, ভাগৱত শাস্ত্ৰ, আনন্দ পায়া মনতে। ইহাৰ শ্ৰৱণে, কীৰ্তনে পুৰুষে, পাৱয় ব্ৰহ্ম বিদ্যাক। ব্যাসৰ বচন, বুজাইবে লাগিলা, স্বামী দেৱ শিষ্য ঝাক। মৎস্য পুৰাণত, আকে কহি আছে, শুনা মঞি কহে তাক। সন্দেহ তেজিয়া, কহে। শিষচয়, শুন সবে এক বাক। পুৰাণ বেদক, বিস্তৰ প্ৰভাৱে, | ভাগৱত দান ফল। কহিয়া আন্ত, মহন্ত সকলে, মনে পায়। কুতুহল।