________________
৪৮৮ ঘোষ। দোলড়ি। অসমীয়া সাহিত্যৰ চানেকি।। জয় যদুপতি জগন্নাথ, নিয়োক দাসক উদ্ধাৰি। ভযু দাস বুলি মোক কৃপা কৰা তুমি জগবন্ধু হৰি। তটস্থ লক্ষণে, তাহাঙ্ক বুজায়, ধ্যানক কৰিলা সাৰ। ঈশ্বৰত বিনা, সন্তৰ কৃপাত, নেদেখিলা বস্তু আৰ॥ যান হন্তে হৱে, জগতৰ জন্ম, পালন পুনু সংহাৰ। হেনয় কৃষ্ণক, ভজো ধ্যান কৰে, পূজো মঞি বাৰম্বাৰ। যিহেতু সমস্ত, প্ৰপঞ্চত হৰি, অনুগত হুয়া অছি।। ঈশ্বৰে এৰিলে, কিছু নহয়, তিলেকতে হৱে মিছা। ঘট পট স্তম্ভ, | আদি কৰি যত, সংসাৰে বস্তু অছিয়। সবাকে ব্যাপিয়া, | আছা ভগৱন্ত, এৰিলে কিছু নয়। এতেকে জানিবা, যিতো বস্তু আছে, তাতে তাতে আছা হৰি। আকাশৰ পুষ্প, যিহেতু নাহিকে, তাকে ৰৈলা পৰিহৰি।। যদি বোলা ইতো, | জগতৰ জগতৰ হেতু, প্ৰকৃতিয়ো আসি হয়। তিনি গুণে যত, দৃষ্টি স্থিতি লয়, সংহাৰ যিতো কয়॥ এতেকেসে তোৰা, প্ৰকৃতিক ধ্যান, কৰোঁ। হেন শঙ্কা তেজা। যিহেতু প্ৰকৃতি, | জড়ৰূপ হোৱে, | সবে চৈতন্যক ভজা।