পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৮৭ জন্মদ্যস্য শ্লোকৰ কীৰ্ত্তন। কাচে বস্ত্ৰ থৈয়া, হাতে চৰি লৈয়া, | জল জুখিবাক গৈলা। নাৰী সবে দেখি, | হাসিবে লাগিলা, | পচে লাজ হুয়া বৈলা॥ সূৰ্য মাত্ৰ সত্য, তাহান সকাশে, জল বুদ্ধি সত্য হয়। যিহেতু ৰাত্ৰিত, সূৰ্যৰ অভাৱে, | বালিত জল নেহয়॥ সেহিমতে ইতো, | জগতৰ সিদ্ধি, ঈশ্বৰত হন্তে হৱে। ঈশ্বৰে এৰিলে, তাজ্ঞানী সমন্তে, সবে মিছা বুলি কৰে। যদি বোলা ইতে, ঈশ্বৰত আছে, | প্ৰপঞ্চ জড় সগুণ। প্ৰপঞ্চক বুলি, কেন মতে হৰি, আপুনি হৈলা নিগুণ। ইতো শঙ্কা চয়, কদাচিতো নয়, চৈতন্য বিশুদ্ধ হৰি। সৰূপ প্ৰকাশি, | মায়াৰ কপট, থৈলা দূবে পৰিহৰি। শুনা সভাসদ, ভাগৱত পদ, মনত কৰি নিশ্চয়। ব্যাসে যাক ভজা, নাৰদে ভজন্ত, আমাৰ কোন সংশয়। সংশয়ক তেজা, কৃষ্ণ পাৱে ভজা, পূৰিয়োক মনকাম। উদ্ধাৰ পুৰুষ, সমজ্যাৰ লোক, ডাকি বোলা ৰাম ৰাম।