পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৪
অসমীয়া সাহিত্যৰ চানেকি।

দিনেক নাৰদ ঋষি আতি ৰঙ্গ মনে।
বিনয়ে পুচিলা শুনি আছা সৰ্ব্বজনে॥
নাৰদ বদতি দেৱ প্ৰভু মহেশ্বৰ।
শুনিবাক ইচ্ছা মোৰ কথা গোবিন্দৰ॥

যি কাৰণে কৃষ্ণে যিবা স্বৰূপ ধৰন্ত।
যি কালত জাত হোন্ত প্ৰভু ভগৱন্ত॥
যিমতে কৰন্ত লীলা বান্ধৱ মুৰাৰি।
কহিয়োক তাক পুচো প্ৰভু ত্ৰিপুৰাৰি॥

অবতাৰ নিত যিবা বিৰাণ্ট শৰীৰ।
প্ৰথমে কহিয়ো তাক তুমি মহাধীৰ॥
শঙ্কৰ বদতি সাধু ভক্ততে উত্তম।
যিহেতু পুচিলা কৃষ্ণ কথা মনোৰম॥

অৱতাৰ সকলৰ আৰো বিৰাণ্টৰ।
সহস্ৰ বৎসৰ কহি নাপাও তাৰ পাৰ॥
তথাপিতো তন্ত্ৰৰূপে সাৰক উদ্ধাৰি।
কহিবো যিমতে মোত কহিচন্ত হৰি।

জয় নমো গোপৰূপী কৃষ্ণক সাক্ষাৎ।
কহিবো পৰমানন্দ ভক্তি বাঢ়ে যাত॥
প্ৰথমে কৰোহো সৃষ্টি লীলা নিৰূপণ।
আছিল পৰ্ব্বত এক সত্য নিৰঞ্জন॥

সিবেলা প্ৰপঞ্চ বিনে মায়া যে অসন্ত।
স্থিতি ৰূপে ৰহি দুই প্ৰকাৰ ভৈলন্ত॥
চৈতন্য স্বৰূপ এক পুৰুষ বোলন্ত।
জড় ৰূপে অপৰক প্ৰকৃতি বোলন্ত॥

ব্ৰহ্ম হেন বুলি যাক জানৈ জ্ঞানি গণে।
ভগৱন্ত বুলি যাক ভজৈ ভক্ত জনে॥
সেহি বেলা ভৈল কাল কৰ্ম্মজে স্বভাৱ।
সবাৰো পৃথক কহো লক্ষণ প্ৰভাৱ॥