সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাগৱত-মিশ্ৰ।

সাত্বত তন্ত্ৰ

জয়তি জয়তি কৃষ্ণ ভকত বান্ধৱ।
পতিত পাৱন দীন দয়ালু মাধৱ॥
জয়তি শঙ্কৰ ভকতৰ প্ৰিয়কৰ।
জয়তি নাৰদ প্ৰিয় ভক্ত গোবিন্দৰ॥

গুৰুৰ চৰণ মনে কবি নমস্কাৰ।
সাত্বত তন্ত্ৰৰ পদ কৰিবো প্ৰচাৰ॥
কৃতাঞ্জলি বোলো শুনা সমাজিক লোক।
মন্দ মতি দেখি নিন্দা নকৰিবা মোক॥

যেন লোহা ভ্ৰমে চুম্বকৰ সমীপত।
মোৰো চিত্তে কৃষ্ণে প্ৰবৰ্ত্তাইলা সেহিমত॥
মনৰ কামনা মোৰ জানা সমুদায়।
সৎসঙ্গত কৃষ্ণ যশে ৰসে মজো যাই॥

যিতো কৃষ্ণ সৃষ্টি স্থিতি প্ৰলয় কালত।
বহুবিধ ৰূপ প্ৰকাশন্ত ভালমত॥
হেনয় পৰমানন্দ মূৰতি মাধৱ।
শৰণ পশিলো হৰি কৰিয়ো বান্ধৱ॥

মহেশ্বৰ নাৰদৰ অদ্ভুদ সম্বাদ॥
আদৰে শুনিয়ো পাপ কৰিয়োঁ উচ্ছাদ॥
আছন্ত শঙ্কৰ বসি কৈলাশ শিখৰে।
জগতৰ কল্যাণ কৰিয়া নিৰন্তৰে॥