পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
দশম স্কন্ধ।

জগতৰ পাপ হৰে যাৰ হেন গুণ নাম
 মিশ্ৰিত তেজকে বাক্যচয়।
জগতক শোভে সেই জগতক জীৱ দেয়
 জগতকে পবিত্ৰ কৰয়॥
যিটো বচনত নাই গুণ নাম মাধৱৰ
 সিটো শৱ সম অপবিত্ৰ।
যদুকুলে অৱতৰি  আছন্ত হেনয় হৰি
  কৰি ব্ৰজে বালক চৰিত্ৰ॥
মহন্তৰ গতি মতি ত্ৰৈলোক্য মোহন মুৰ্ত্তি
 ধৰিয়াছে জগতৰ গুৰু।
লক্ষী যত ভৈলা বশ দেৱে গাৱে যাৰ যশ
 ভকত জনৰ কল্পতৰু॥
দেবতাৰো সাধি সুখ মহন্তৰো খণ্ডি দুখ
 গোকুলত আছন্ত সাক্ষাত।
হেনয় হৰিক মই সঞি চক্ষু দেখিবোহো
 িনে ভৈল শুভ সুপ্ৰভাত॥
ৰাম মাধৱৰ পদ দেখিলে মাত্ৰকে মই
 পড়িবো ৰথৰ ঝাম্প দিয়া।
যাক যোগী ধ্যানধৰে হেন চৰণক গৈয়া
 প্ৰণামিবো সাক্ষাতে দেখিয়া॥
পাদ পঙ্কজৰ ধূলি  মাথে লৈবো হাতে তুলি
 মোৰ অনুৰাগ যাইবে চড়ি।
ৰাম গোবিন্দৰ সঙ্গী গোপগণ আছে যত
 তাকো প্ৰণামিবো পড়ি পড়ি॥
পৰম সুগন্ধি যিটো হস্তে গোপিকাৰ শ্ৰম।
 গুচাইলা কৰন্তে ৰাস ৰতি।
যিটো হস্তপদ্মে আনি উচ্ছৰ্গিয়া দিয়া পানী
 পাইলা বলি ত্ৰৈলোক্য সম্পত্তি॥