অন্তকক ভায়ে যিটো শবণ পশয় তাকো
নিৰ্ভয় কৰান্ত যিটো হাতে।
চৰণত পড়িবাৰ দেখি সেই হত পদ্ম
দিবা কষ্ণদেৱে মোৰ মাথে॥
সদ্যপি কংসৰ দূত হুয়া আইলো তথাপিতো
মোক নকৰিবা পৰ জ্ঞান।
মোৰ হৃদয়ত থিত যেন ভাল মন্দ চিত্ত
জানন্ত আপুনি সৰ্ব্বজান॥
চৰণৰ সমীপত পড়িবাৰ দেখি মোক
দয়া দৃষ্টি চাহিবন্ত স্বামী।
তাৱক্ষণে পাপ মানে সব হুইবে দূৰ মোৰ
পৰম আনন্দ পাইবো আমি॥
বাহু মেলি আলিঙ্গিয়া আসি যেবে বনমালী
ধৰন্ত সুহৃদ বুলি মোক।
শৰীৰ পবিত্ৰ হইবো কৰ্ম্ম বন্ধ ছিঙি তেবে
তৰিবো-সংসাৰ-তাপ-শোক॥
গোবিন্দৰ অঙ্গ সঙ্গ পায়া হুয়া মহা ৰঙ্গ
থাকিবোহো কৃতাঞ্জলি কৰি।
হাসি হাসি মাথা তুলি অক্ৰূৰ খুড়াই বুলি
প্ৰবোধন্ত যেবে মোক হৰি॥
তেবে আউৰ কিবা চাওঁ সমস প্ৰসাদ পাওঁ
তেবে জন্ম সাফল আমাৰ।
মহন্তে নাদৰে যাক কোনে ভাল বোলে তাক
সিজনৰ জীৱন ধিক্কাৰ॥
শত্ৰু মিত্ৰ উদাসীন যদ্যপি সমস্ত হীন
ভকতক ভজন্ত তথাপি।
যেন সেই পাৱে ফল গৈয়া কল্পতৰু তল
খোজে যিটো জন পাশ চাপি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
অসমীয়া সাহিত্যৰ চানেকি।