পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৩
ৰাজসূয়।

কতোক্ষণে অবনতে থিৰ কৰি চিত্ত।
কৃতাঞ্জলি হুইয়া ৰাজা লাগিল পুছিত॥
বোলন্ত সবাকে নমস্কাৰ একে থানে।
পুছোঁহেোঁ সবাতে সমজ্যাত আছা মানে॥
প্ৰথমে পূজিয়া কাক দিবোঁ অৰ্ঘ্যদান।
কহিয়োক সবে কোন জন অগ্ৰমান॥
শুনি সভাসদে অন্যে অন্যক চাহন্ত।
কাক আগে পূজিবন্ত বিচাৰি নপান্ত॥
অদ্ভুত সমাজ দেখি সবাৰো বিস্ময়।
নমাতন্ত কেহোঁ অন্য অন্যে কৰি ভয়॥
ব্ৰহ্মা হৰ আদি কৰি দেৱ অসংখ্যাত।
মহা মহা ঋষি সব আছন্ত সভাত॥
ভীষ্ম আদি কৰি আছা অনেক মহন্ত।
বড় বড় ৰাজাগণ সভাত আছন্ত॥
বাসুকি প্ৰমুখ্যে বড় বড় নাগগণ।
আনো আনো অসংখ্যাত মহা মহা জন॥
আনক নিমিত্তে কেহোঁ সাহস নপান্ত।
বস্ত্ৰে মুখ ঘুৰিয়া সবাকো সবে চান্ত॥
কাকো কেহোঁ কৰিবাক নপাৰি নিয়ম৷
আছে কতোক্ষণ সবে পৰিয়া নিঝম॥
অসুখ অশান্তি আতি ৰাজাৰ মনত।
কিবা কৰিবন্ত একো নপাৱন্ত তত্ত্ব॥
নমাতি আছন্ত সবে পৰিয়া অবাক।
আগে অৰ্ঘ্য দিয়া ৰাজা পূজিৱন্ত কাক॥
হেন তথ্য কৰিবাক নপাৰিলা কেৱ।
দেখি বস্ত্ৰ কাছি উথিলন্ত সহদেৱ॥
পৰম পণ্ডিত সৰ্ব্বজান মহাধীৰ।
বুদ্ধিত সুথিৰ শন্ত গহীন গম্ভীৰ॥
যুধিষ্ঠিৰ নৃপতিক মাতিবাক লৈলা।
বোলন্ত নৃপতি তুমি বাউল যেন ভৈলা॥