সৰ্ব্বজান হুইয়া বুদ্ধি হৰুৱাইলা কিক।
আজি কেনে ভৈলা তুমি মূৰ্খতো অধিক॥
তব্ধ হুইয়া আছা শ্ৰুতি জ্ঞান হেৰুৱাই।
কৃষ্ণক নকৰি পূজা কিবা আছা চাই॥
ভকত সবৰ প্ৰতি প্ৰভু ভগৱন্ত।
এহেন্তেসে শ্ৰেষ্ঠ আগ্ৰমান্য অৰিহন্ত॥
জগত প্ৰসিদ্ধ এন্তে সৰ্ব্ব দেৱময়।
ইহাঙ্ক পূজিলে জগতৰে পূজা হয়॥
দেশ কাল ক্ৰতু মন্ত্ৰ তন্ত্ৰ ধন যত।
অগনি আহুতি পাত্ৰ ঋত্বিজ সমস্ত॥
জ্ঞান সাঙ্খ্য যোগ ধৰ্ম্ম কৰ্ম্ম সমস্তৰ।
কেশৱেসে পৰমাৰ্থ আত্মা জগতৰ॥
অনাদি অনন্ত এক ঈশ্বৰ পৰম।
জগততে দ্বিতীয় নাহিকে যাক সম॥
জনম মৰণ একো নাহিকে যাহাৰ।
জগত জনক কৃষ্ণ পুৰুষতে সাৰ॥
আপন আশ্ৰয় ইতো জগত যতেক।
সৃষ্টি স্থিতি লয় আৰ কৰন্ত প্ৰত্যেক॥
যাহাৰ নিমিত্তে ইতো লোক নিৰন্তৰে।
নানাবিধ ৰূপাশ্ৰয় কৰ্ম্মক আচৰে॥
যিহেতু কৃষ্ণেসে পৰমাত্মা জগতৰ।
সিহেতু অনেক বিধে চেষ্টা কৰে নৰ॥
অন্যথা যতেক জড় বস্তু অচেতন।
এতেকেসে কৃষ্ণ এন্ত জগত কাৰণ॥
যত কৰ্ম্ম ফল মানে অধীন কৃষ্ণৰ।
কৃষ্ণ তুষ্ট ভৈলে তুষ্ট হোৱে চৰাচৰ॥
জানিয়া নৃপতি তুমি থিৰ কৰা মন৷
কৃষ্ণক দিয়োক ইতো মহা অৰিহন॥
কৃষ্ণক পূজন্তে যিতো জনে দেই হাক।
সত্য কৰি বোলোঁ ছুইবে যোগ্য নুহি তাক॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৪
অসমীয়া সাহিত্যৰ চানেকি।