নাপাই অবসৰ ভাগৱত নুশুনিব।
মোৰ ইটো কৃতত তাহাৰ শ্ৰদ্ধা হৈব॥
কৰিলো সংগ্ৰহ মই তাকে লক্ষ কৰি।
নানা প্ৰকৰণ হন্তে শ্লোকক উদ্ধৰি॥
বিচাৰিয়া যত সাৰ পাইলো বাৰ স্কন্ধে।
একবাক্য কৰি আনি লিখিলো প্ৰৱন্ধে॥
কহিলো গ্ৰন্থৰ যত প্ৰয়োজন মানে।
এবে ৰত্নাৱলী শুনিয়োক সাৱধানে॥
সামান্য বিশেষ ভক্তি কহিবাক প্ৰতি।
আৰম্ভিলো বিৰচন প্ৰথমে সম্প্ৰতি॥
যতেক সধৰ্ম্ম হৰি ভক্তিৰ কিঙ্কৰ।
ভকতিৰ মুখ চাই থাকে নিৰন্তৰ॥
সমস্তে ধৰ্ম্মৰ ভকতি সে মুখ্য ফল।
ভকতি নভৈলে ধৰ্ম্ম সকলে বিফল॥
তাকে সে পৰম ধৰ্ম্ম বুলিয় নিশ্চয়।
যাত হন্তে মাধৱত ভকতি মিলয়॥
গুচে সবে কামনা প্ৰসন্ন হোৱে চিত্ত।
ৰজ তম গুচি শুদ্ধ সত্বে হৱে স্থিত॥
ভগৱন্ত বাসুদেৱে ভক্তি যিটো কৰে।
মিলে বিষয়ত তাৰ বৈৰাগ্য সত্বৰে॥
বেদশিৰোৰত্নে মন্ত্ৰে যাহাক প্ৰকাশে।
হেন তত্ব জ্ঞান আসি মিলে অপ্ৰয়াসে॥
একে বাসুদেৱতে সে কৰিব ভকতি।
নকৰিব আন একো দেৱতাত ৰতি॥
ভকতি পন্থত এক দেৱ নাৰায়ণ।
শুনা আৰ হেতু সাৱধান কৰি মন॥
সত্ব ৰজ তম প্ৰকৃতিৰ তিনি গুণে।
ধৰা তিনি মূৰ্ত্তি একে পুৰুষ আপোনে॥
ৰজো গুণে ব্ৰহ্মা হৈয়া প্ৰজা চৰাচৰ।
সত্ব গুণে বিষ্ণুৰূপে পালে নিৰন্তৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৫৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫১
ভক্তি ৰত্নাৱলী।