পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
নামঘোষা

বিষয় সম্বন্ধ সুখ সমস্ত যোনিত পায়
 হৰি সেৱাৰ একো স্থানে নাই।
হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু
 জানি ফুৰা হৰি গুণ গাই॥

মৃত্যুৰ মুখত পবি আছে যিতো সিতো নৰে
 হবৰিগুণ কীৰ্ত্তন নকৰে।
মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আনি
 হৰিনাম কীৰ্ত্তনত পৰে॥

মৃত্যু তৰিবাৰ আনি আছয় উপায় যত
 বিঘিনি দুষিত নিৰন্তৰে।
বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম্ম
 কীৰ্ত্তন কৰিয়া সুখে তৰে॥

লুব্ধ মতি মনুষ্যৰ  হৰি কীৰ্ত্তনত পৰে
 নাহিকে ৰহস্য বিত্ত আৰ।
আন আশা পৰিহৰি মাধৱক মনে ধৰি
 হৰিৰ কীৰ্ত্তন কৰা সাৰ॥

শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শঙ্কৰ মত
 ধৰিয়োক সজ্জন সকল।।
হৰিৰ কীৰ্ত্তন কৰি সুখে সংসাৰক তৰি
 পাইবা ভক্তি পৰম নিৰ্ম্মল॥

শুনা সভাসদ চয় নেড়িবা শাস্ত্ৰৰ লয়।
 হৰি গুণ ভাগৱত সাৰ।
সাধু সঙ্গ অনুসৰা শ্ৰৱণ কীৰ্ত্তন কৰা
 পৰিহৰা পাষণ্ড আচাৰ॥