পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৪
অসমীয়া সাহিত্যৰ চানেকি।

বৈৰাগ্যত পৰে ভাগ্য  নাহি প্ৰবোধত পৰে
 সুখ আৰ নাহি পুৰুষৰ।
হৰি বিনে পৰিত্ৰান কৰ্ত্তা আৰ নাহি জানা
 ৰিপু নাহি সংসাৰত পৰ॥

লক্ষ্মী পতি ভগৱন্ত যাহাব প্ৰসন্ন ভৈল
 তাহাৰ দুৰ্ল্লভ কিছু নাই।
নাৰায়ণ পৰ ভৈলে তথাপি কিঞ্চিতো আৰ
 নবাঞ্চয় সেৱা সুখ পাই॥

কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিবাস-স্থল
 মুখ নয়নৰ পান পাত্ৰ।
দিক পাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু
 ভকতৰ পাদপদ্ম মাত্ৰ॥

পৰম ঈশ্বৰ দেৱ কৃষ্ণক নপায় লাগ
 তপ যপ যাগ যোগ দানে।
একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্তে মাথে
 অভিষেক নকৰয় মনে॥

গ্ৰাম্য কথা বিনাশন উত্তম শ্লোকৰ গুণ
 প্ৰসবয় সাধুৰ সঙ্গত।
তাক অনুদিনে যিতো  সেৱে তাৰ মতি সতী
 হোৱে বাসুদেৱ চৰণত॥

সেহিসে দিনক ভাই  দুৰ্দ্দিন বুলিয়া মানি
 মেঘাচ্ছন্নে নোহয় দুৰ্দ্দিন।
হৰি কথা অমৃতৰ  সম্যক আলাপ ৰসে
 যিতো দিন হৱয় বিহীন॥