সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৯
নামঘোষা

অব্যক্ত ঈশ্বৰ হৰি  কিমতে পূজিব তাঙ্ক
 ব্যাপকত কিবা বিসৰ্জ্জন?
এতাৱন্ত মূৰ্ত্তি শূন্য  কেন মতে চিন্তিবাহা
 ৰাম বুলি শুদ্ধ কৰা মন॥

যিতো জনে শুদ্ধ ভাৱে  হৰিত শৰণ লৈয়া
 হৰিক সুহৃদ বুলি আছে।
হৰিৰ প্ৰসাদে সিতো  বিঘ্নিৰ মুণ্ডত ভবি
 দিয়া হৰি গুণ গাইয়া নাচে॥

কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি
 অতিশয় দুৰ হন্ত তাৰ।
দূৰতো বিদূৰ হন্ততাৰ  তাৰ অহঙ্কাৰ থাকন্তেয়ো
 সাক্ষাতে কৃষ্ণকে পাৱে।
 শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ॥

সকলে নিগম লতা তাৰ অবিনাশী ফল
 কৃষ্ণ নাম চৈতন্য স্বৰূপ।
সুমধুৰ সুমঙ্গল শ্ৰদ্ধায়ে হেলায়ে লৈয়া
 নৰ মাত্ৰ তৰে ভৱ-কূপ॥

যিতো জনে কৃষ্ণ কথা বিচাৰ সময়ে মনে
 ধৈৰ্য্য ধৰি ক্ষণেক থাকয়।
যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ
 যোগাদিৰো ফলক পাৱয়॥

যাৰ পুত্ৰে সবে ঐত হৰিত শৰণ লৈয়া
 হৰিগুণ গাৱে শুদ্ধ ভাৱে।
দধি দুগ্ধ ঘৃত মধু  নদীৰ জলক পিয়া
 পিতৃগণে তৃপিতিক পাৱে॥