পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
অসমীয়া সাহিত্যৰ চানেকি।

অনায়াসে ভৈল বিহা চাৰিয়ো পুত্ৰৰ।
পৰম কৃতাৰ্থ মন ভৈলা নৃপবৰ॥
শুনিয়োক সভাসদ পদ আদিকাণ্ড।
ৰামৰ চৰিত্ৰ যেন অমৃতৰ ভাণ্ড॥
সংসাৰ মধ্যত ইসি মহাধৰ্ম্ম সাৰ।
বোলাঁ ৰাম ৰাম সুখে তৰিয়ো সংসাৰ॥

নামঘোষা।

মুক্তিত নিস্পৃহ যিতো  সেহি ভকতক নমো
 ৰসময়ী মাগোহোঁ ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
 ভজো হেন দেৱ যদুপতি॥

যাব ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
 পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
 উপাস কৰোঁহো হৃদয়ত॥

মৎস্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
 হলীৰাম বৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
 তযু পাৱে কৰোঁহো প্ৰণাম॥

একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ
 গাৱে সদা বসিয়া যথাত।
বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এড়ি
 থাকা হৰি সাক্ষাতে তথাত॥