পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৯
ৰামায়ণ-আদিকাণ্ড

জামদগ্নি ৰামে শ্ৰীৰামক দেখিলন্ত।
কৰিয়া তৰ্জ্জন পাছে বাক্য বুলিলন্ত॥
নজানাহা ৰণ কিছু ছৱাল ৰাজাৰ।
জানো তুমি কথা নতু শুনাহা আমাৰ॥

পৰশুৰাম নাম মোৰ বিদিত সংসাৰ।
নিঃক্ষত্ৰী কৰিলো মহী তিনি সাত বাৰ॥
ক্ষত্ৰিয়ৰ নিমিত্তে সাক্ষাত মই যম।
সম্প্ৰতি আছেহো মই পৰিয়া নিজম॥

ডাকিয়া আনিলা মোক দেখাইয়া দৰ্পক।
দাণ্ডি দিয়া জগাইলাহা কাহাল গোমক॥
কুপিত সিংহৰ আগে ঘেলাইলাহা গাৱ।
আনিলা যমক যেন দিয়া হাত বাৱ॥

মই অন্তকৰ কোপ তুলিলা কিসক।
শিশু হুয়া কৰা কেনে দুৰ্ঘোৰ কৰ্ম্মক॥
ধনু ভাঙ্গি যশ বৰ লভিলা ডাঙ্গৰ।
উপাৰিয়া শৃঙ্গ যেন মেৰু পৰ্ব্বতৰ॥

কাৰ বৰ পায়া তুমি কৰা হেন কৰ্ম্ম।
আমাৰ গুৰুৰ ধনু ভাঙ্গি দিলা মৰ্ম্ম।
জানিলো কৰিলা গুৰু দেৱত ভকতি।
নুহি কেন মতে হৈব ই দূৰ শকতি॥

ত্ৰিভূবনে পৰম উজ্জল ৰাম নাম।
নাহি সংসাৰত ইতো নামক উপাম॥
সেহি ৰাম নাম ধৰি আমাৰ প্ৰকাশ।
হৈন নাম লৈলা তুমি কৰি অভিলাষ॥

বোলা ৰাম নাম লৈলে মোৰ হৈবে খ্যাতি।
আমাক বিদ্বেষ তুমি কৰিলাহা আতি॥
বৰ তেজৱন্ত বীৰ ভৈলাহা অধিক।
কৰিবাহা লুপ্ত তুমি আমাৰ কীৰ্ত্তিক॥

২৭