ৰাম হাতে ধৰি ঘোৰতৰ ধনুখান।
পৃথিবীৰ ক্ষত্ৰি মাৰি কৰিলো নিৰ্জ্জান॥
ক্ষত্ৰি হুয়া কোন বীৰ পুনৰপি আইল।
জানিলো সিজনে মোৰ বাৰ্ত্তাক নপাইল॥
মোৰ কথা শুনি ক্ষত্ৰি নাম কোন ধৰে।
হেন মত ভয় সিতো সাসক নকৰে।
এবে কোন জনে মোক নগনে মনত।
এতিক্ষণ থিৰ হৌক মোহোৰ আগত॥
বৌদ্ৰে বৰিষণে অতি পৰিয়া আছয়।
ঘুঘুন্দা ধনুক ভাঙ্গি মুনিহ কহয়॥
আজি যেবে জীৱ লৈয়া যায় মোৰ আগে।
তেবে গৈয়া বীৰত্ব কহোক যত লাগে॥
শুনি দশৰথ ৰাজা গুণন্ত মনত।
ভৈলা বৃদ্ধ আমাৰ শৰীৰ আশকত॥
দেখিয়া ছৱাল নিজ পুত্ৰ চাৰি খানি।
বিপৰীত চিন্তা লভিলন্ত মহামানী॥
ৰামে সমে আমি যদি আছোঁ দুই বীৰ।
তেবে কি কৰিবো আঙ্ক দুৰ্জ্জয় শৰীৰ॥
বিপাকে ঠেকাইলা আনি বিধাতা আমাক।
বিবাদে নপৰি আঙ্ক বোলো প্ৰিয় বাক॥
এই বুলি পৰশুৰামক নৰনাথে।
পাদ্যে অৰ্ঘে পূজি চৰণত ধৰি হাতে॥
তুতি নতি প্ৰণতি বোলন্ত দশৰথ।
তথাপিতো দায়া তাৰ নোপজে মনত॥
হাতে ঘোৰ ধনুধৰি চক্ষু পকাই চান্ত।
বাঘে যেন গৰ্জ্জিয়া ৰামক ধায়া যান্ত॥
দেখি ৰামচন্দ্ৰে মুখে তাল হাস্য কৰি।
পৰশুৰামৰ আগ ভৈলা ধনু ধৰি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২১৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
তাসমীয়া সাহিত্যৰ চানেকি।