পাত্ৰ পুৰোহিত চাৰি পুত্ৰ লৈয়া সঙ্গে।
অযোধ্যাক যান্ত চলি দশৰথ ৰঙ্গে॥
সেহি বেলা বাত বৃষ্টি ভৈলা আকাশ৷
ৰাজাৰ আগত আসি ভৈলা বজ্ৰপাত॥
নমনয় দিশ পাশ ভৈল অন্ধকাৰ।
কৰে মৰমৰ চক্ৰ ৰথৰ ৰাজাৰ॥
ঘোৰ শীলা সমে বায়ু বহে বিপৰীত।
হস্তী ঘোৰা সেনা যত ভৈল ভয়ে ভীত॥
শীতে পীড়িলেক থিৰ নোহে হাত ভৰি।
নাসে মুখে মাত বুকু কাম্পে তৰতৰি॥
যিতো যৈত আছিল তহিতে তম্ভি ৰৈল।
ৰাজাৰ আগত বক্তময় বৃষ্টি ভৈল॥
নানাবিধ বিমঙ্গল দেখি আতিশয়।
বশিষ্ঠত নৃপ পুছিলন্ত হুয়া ভয়॥
ইহাৰ কাৰণ কহিয়োক মুনিবৰ।
কি কাৰণে পথত এতেক আথান্তৰ॥
কোন বা বিঘিনি ভৈল আমাৰ ৰাজ্যত।
অন্ধকৰ শাপ জানো ভৈল উপগত॥
গুচিল আমাৰ জানো ৰাজ্যভাৰ যত।
কিবা মোৰ আয়ু আসি ভৈল সমাপত॥
শুনিয়া ৰাজাক দিলা প্ৰবোধ বশিষ্ঠে।
নাহি কিছু শঙ্কা ৰাজা জানিবাহা নিষ্ঠে॥
বাটত পৰশুৰামৰ সৈতে ৰামৰ সাক্ষাত আৰু পৰশুৰামৰ পৰাভৱ।
সেহি সময়ত পাছে জামদগ্নি ৰাম।
ধনুভঙ্গ শুনি কোপে নিকলিল ঘাম॥
কেমন ভাঙ্গিল ধনু মোহোৰ গুৰুৰ।
সি জনৰ দৰ্প আজি কৰিবোহোঁ চূৰ॥