পৰশু কুঠাৰখান পাৰিয়া কান্ধত।
ভয়ঙ্কৰ ধনুখন ধৰিয়া হাতত॥
ৰাজাৰ সেনাৰ মাঝে ভৈলা উপগত।
শৃঙ্গে সমন্বিতে যেন সচল পৰ্ব্বত॥
দুৰ্জ্জয় শৰীৰ ধনুৰ্দ্ধৰ মহাবীৰ।
ক্ৰোধৰ বেগত আতি নুহিকন্ত থিৰ॥
ফুৰাৱন্ত চক্ষু দুই অগনি সমান।
দেখি কটকৰ ভয়ে উৰি গৈল প্ৰাণ॥
বৃষ্টি অন্ধকাৰে নেদেখিয়া দিশ পাশ।
পৰশু ৰামৰ মূৰ্ত্তি দেখি ভৈল ত্ৰাস॥
কিসে পাইলে বুলি ধাতু শুৰুতি উৰিল।
চক্ষু জপাই সেনা সবে ভূমিত পৰিল॥
কৈয়া ৰাম বুলিয়া মাতন্ত শীঘ্ৰ কৰি।
ব্ৰাহ্মণৰ চিহ্ন যজ্ঞ সূত্ৰ আছা ধৰি॥
ক্ষত্ৰিয় লক্ষণ হাতে আছে ধনুখান।
পৰম নিৰ্দ্দয় দায়া নাহি অনুমান॥
পিতৃৰ বচনে কাটি আছন্ত মাতৃক।
হেন জনে আনক কৰিবে দায়া কিক॥
শিৰে জটা ভাৰ গলে ৰুদ্ৰাক্ষৰ মালা।
কটিত বাকলি বস্ত্ৰ কুশৰ মেখলা॥
ঝক ঝক কৰে দান্ত শোভা গোফ দাড়ি।
গাৱে মল পঙ্ক বনবাসী ৰূপধাৰী॥
হাতে মালা ধৰিয়া জপন্ত সৰ্ব্বক্ষণ।
উফৰন্ত ক্ৰোধত দেখিবে যম যেন॥
ভ্ৰম চালি কপালৰ গাঁঠি শিহৰাই।
দশন চোবায়া কোপে মাতন্ত চেহাই॥
গৰ্জ্জিবে লাগিলা আতি নিষ্ঠুৰ বচনে।
আমাৰ গুৰুৰ ধনু ভাঙ্গিল কেমনে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২১৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৭
ৰামায়ণ-আদিকাণ্ড