পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০১
ৰামায়ণ-আদিকাণ্ড

কন্যা সম্প্ৰদান কৰিবাক বসিলন্ত।
ৰামে সমে দেৱতা সবক অৰ্চ্চিলন্ত॥
বিশ্বামিত্ৰে বিধি পাঠ কৰন্ত হৰিষি।
ৰঙ্গে হোম কৰন্ত বশিষ্ঠ মহা ঋষি॥

যেন অনুক্ৰমে বিধি আচাৰিয়া তাক।
ৰামৰ লগত নিয়া বসাইলা সীতাক॥
তিল কুশ ধৰিয়া জনক নৰনাথে।
উৎসৰ্গি সীতাক দিলা ৰাম বৰ হাতে॥

সেহি সময়ত ভৈলা মহা মহোৎসৱ।
উৰুলি জোকাৰ বহু বিধ জয় ৰৱ॥
দেব মনুষ্যৰ বাদ্য একত্ৰে বাজয়।
সিদ্ধ মুনি সকল কুসুম বৰিষয়॥

বেদধ্বনি কৰন্ত সকলে দেৱগণ।
নানা শুভ মঙ্গল ঘোষয় সৰ্ব্বজন॥
সমস্ত লোকৰ মহা মিলিল হৰিষ।
জয় জয় ৰাম ধ্বনি শুনি দশোদিশ॥

জনক নৃপতি আতি পুৰি মনোৰথ।
অনেক যৌতুক দিলা সীতাৰ লগত॥
হয় হস্তী ৰথ দোলা দাসী দাস দেশ।
মুকুতা মাণিক ৰত্ন দিলন্ত অশেষ॥

দিব্য ৰত্ন অলঙ্কাৰ সুবৰ্ণ ৰজত।
ঘটস্ৰবা ধেনু উৎসাৰ্গিলা শতে শত॥
এহেন্তে ঈশ্বৰ বুলি মনত জানিলা।
ৰাজ্য ভাৰ সমস্তে ৰামত সমৰ্পিলা॥

আজি সে কৰিলো সবে পুৰুষ উদ্ধাৰ।
পৰম ঈশ্বৰ জোৱাই ভৈলন্ত আমাৰ॥
ভৈলাহোঁ কৃতাৰ্থ বুলি আনন্দে নাচন্ত।
অনন্তৰে ব্ৰহ্মা আদি যতেক আছন্ত॥

২৬