যাব যেন মত ইচ্ছা তাকে উংসৰ্গিল।
সুবৰ্ণ মানিক ৰত্নে যেন বৰিষিল॥
ত্ৰৈলোক্যৰ লোক সবে উৎসৰ্গা কৰিল।
যৌতুক সম্ভাৰে পুৰী মিথিলা পুৰিল॥
অনন্তৰে লক্ষ্মণক জনক নৃপতি।
ঊৰ্ম্মিলাক বিবাহ দিলন্ত মহামতি॥
লক্ষ্মণকো যৌতুক দিলন্ত বহুতৰ।
তাত পাচে কুশধ্বজ ভ্ৰাতৃ জনকৰ॥
নিজ জীউ মাণ্ডৱী সুন্দৰী মহাসতী।
ভৰতক বিবাহ দিলন্ত মহামতি॥
শ্ৰুতকীৰ্ত্তিক দিলা শত্ৰুঘনক উৎসুকে।
অনেক যৌতুক দুইকো দিলন্ত কৌতুকে॥
জনক নৃপতি কুশধ্বজ মহাসন্ত।
দুই ভাইৰ চাৰি কন্যা চাৰিকে দিলন্ত॥
বস্ত্ৰ অলঙ্কাৰ পুষ্প তাম্বুল চন্দনে।
যথা যোগ্য সামজ্যা ৰঞ্জিলা ৰঙ্গমনে॥
সতকাৰ লভিয়া সন্তোষ আতি ভৈলা।
স্বকী স্বকী থানে ব্ৰহ্মা আদি চলি গৈলা॥
জনক নৃপতি বৰ কন্যা আঠজন।
পৰমানে পঞ্চামৃতে কৰাইলা ভোজন॥
পুষ্প শয্যা মাঝে পাছে কৰাইলা শয়ন।
সুখে অনন্তৰে ভৈলা ৰজনী প্ৰসন্ন॥
কৰিলন্ত স্নান দান উঠি প্ৰভাতত।
কৰাইলন্ত বাসি বিহা হৰিষে মনত॥
দশৰথে মাতিলন্ত জনক ৰজাক।
বৰ কন্যা সমে বিহাই পাঠায়ো আমাক॥
ৰাজা হুয়া আসি আছোঁ পাট পৰিহৰি।
শত্ৰু শঙ্কা লাগে চলি যাওঁ শীঘ্ৰ কৰি।॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২০৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
অসমীয়া সাহিত্যৰ চানেকি।