পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬০
অসমীয়া সাহিত্যৰ চানেকি।

ব্ৰহ্মায়ে প্ৰাৰ্থন্তে,
জন্মিলা জ্বলন্তে,
অদ্ভুত বালক,
ৰত্নৰ তিলক,
হসিত বয়ন,
কচিৰ দশন,
কিৰীটি কুণ্ডল,
কৌস্তভে উজ্জ্বল,
হস্ত চাৰি খান,
কেয়ুৰ কঙ্কণ,
বহল হৃদয়,
পড়ি গুঞ্জৰয়,
ৰতনে ৰচিত,
পাটভুনি পীত,
উৰু কৰী কৰ,
কনক ৰত্নৰ,
চৰণ-পল্লৱ,
নূপুৰৰ ৰৱ,
অঙ্গুলিৰ পান্তি,
দেখি খণ্ডে ভ্ৰান্তি,
ৰঙ্গা পদতলে,
চিহ্ন সকলে,
জগতৰ তাত,
চাৰি অস্ত্ৰ হাত,
দেখি দুয়ো প্ৰাণী,
মনে অনুমানি,
কৃষ্ণে কথা কৈলা।
নিহল চোড়াইলা,
বসুদেৱ সন্ত,
ফণায়ে অনন্ত,

 

আসি ভগৱন্তে।
দৈৱকীত হন্তে॥
কুটিল অলক।
শোভে কপোলক।
কমল নয়ন।
পীত বসন॥
কৰে ঝলমল।
শোভে কম্ভুগল।
অতি বিতোপন।
প্ৰকাশে ভূসণ।
বনমালাতয়।
ভ্ৰমৰে ৰঞ্জয়।
মেখলা কটিত।
লোটয় মাটীত।
জঙ্ঘা মনোহৰ।
ৰঞ্জিত হোড়ৰ।
পদ্ম অভিনৱ।
শুনন্তি উৎসৱ।
নখচন্দ্ৰ কান্তি।
তাপ উপসান্তি।
অঙ্কুশ কমলে।
অতিশয় জ্বলে।
আছন্ত তথাত।
প্ৰকাশে সাক্ষাত।
এন্তে চক্ৰ পাণী।
বোলে স্তুতি বাণী।
শিশুৰূপ ভৈলা।
কোলে তুলি লৈলা।
লৈয়া লড়িলন্ত।
ছত্ৰ ধৰিলন্ত।