পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৯
কৃষ্ণ গুণমালা।

কাল সৰ্পে গিলে কৈত মৃত্যু মিলে,
  তাহাৰ নাহিকে থিত।
ৰাম নাম বিনে নিস্তাৰ নাহিকে,
 দুৰ্ঘোৰ ইতো কলিত॥
ভাৰত ভূমিত লভি নৰ তনু,
 আক ব্যৰ্থ কৰা কিক।
মূঢ় জনে যেন নজানি বিকই,
  কাচৰ মোলে মাণিক॥
হেন অনুমানি চিন্তা চক্ৰপাণি,
 অনাদৰি আন কাম।
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে,
 ডাকি বোলা ৰাম ৰাম॥


কৃষ্ণ গুণমালা।
ঘোষা হৰি হৰি ৰাম।
 হৰি ৰাম ৰাম।

পদ।

নমো লক্ষনীপতি,  অগতিৰ গতি।
চৰণে সম্প্ৰতি,  কৰিলো প্ৰণতি।
গুণ চিন্তামণি,  সংসাৰ তৰণী।
পাপৰ অগনি,   ঘুষিয়োক চনি।
ইটো বিতোপন,  ধৰ্ম্ম সনাতন।
আকেসে কীৰ্ত্তন,   কৰে সাধুজন।
শুনিয়ো দশম,  অতি নিৰুপম।
কৃষ্ণৰ পৰম,   জনম কৰম।
দৈত্যে ভিড়িলা,  ভাৰে পীড়িলা।
দুঃখ সাক্ষী দিলা,  পৃথিবী কান্দিলা।