পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰামায়ণ-উত্তৰা কাণ্ড।
১৫৭

হৃদয় খেদত যি কিছু বুলিলোঁ,
ই দোষ ক্ষমা আমাক।
তোমাৰ চৰণ  সেবিবে নপাইলোঁ,
মোৰে সে কৰ্ম্ম বিপাক।৷
তুমি হেন স্বামী  ভৈলোহো বঞ্চিত,
কোন বা পাপৰ ফলে।
এহি বুলি আউৰ  মাতিবে নোৱাৰি,
কৰিল চক্ষু ছলছলে।৷
গদ গদ বাক্যে  বোলন্ত থাকিয়ো,
কৰিলোঁ প্ৰভু মেলানি।
দিব্য সিংহাসনে  চড়িলন্ত গৈয়া,
কান্দন্ত সীতা গোসানী।৷
বসুমতী আসি  আশ্বাসি সাবতি,
বুলিলা মধুৰ বাক।
গন্ধে পুষ্পে ধুনে  পূজিলা প্ৰদীপে,
যত নাগনাৰী জাক॥
নাগ লোক ছানি  জয় বাদ্য বাৱে,
দুন্দুভি ধ্বনি আস্ফাল॥
শিৰত সুৰভি  পুষ্প বৰিষিল,
পশিলা সীতা পাতাল॥
পতি পুত্ৰ সব  সুহৃদ তেজিলা,
পৰম বৈৰাগ্য মনে।
যেন চন্দ্ৰকলা  মেঘতে লুকাইল,
সীতা শান্তী তাৱক্ষণে॥
ৰামক বিচুই  হিয়ে জ্বালে জুই,
সীতা পাতালক গৈলা।
দেখি অন্তৰীক্ষ  ধাতু ৰাম চন্দ্ৰ,
বিশ্ৰুতি বিহ্বল ভৈলা।৷