সীতাৰ সন্তাপে দেখাবো মৰ্ম্মচৰে।
হুমাহুমি কান্দে লোক লোতক নিগৰে॥
কোপে অপমানে আতি চিত্ত নুহি থিৰ।
হিয়ত পশিল শাল নোলাই গোসানীৰ॥
বুলিবে লাগিলা দুনাই মনত অসুখ।
আউব ইতো স্বামী ৰাঘৱৰ নচাওঁ মুখ॥
পৃথিবীক কাতৰ কৰন্ত যোৰ হাতে।
তুমি মোৰ মাৱ জন্ম লভিলোঁ তোমাতে॥
আউৰ যেন নুশুনোঁ ৰামৰ ইতো নাওঁ।
ফাট দিয়া বসুমতী পাতালে লুকাওঁ॥
স্বৰূপত শান্তী পুণ্য যেবে আছোঁ ৰাখি।
চন্দ্ৰ সূৰ্য্য বায়ু বসুমতী হৈবা সাখি॥
ৰামৰ পাৱত জানা মোৰ চিত্ত ডাঠ।
ঝাণ্টে দিয়া বাট তেবে মাৱ দিয়া ফাট॥
হওঁ যেবে আমি পতিব্ৰতা নিৰঙ্কুশ।
ৰাম বিনে আন যেবে নজানো পুৰুষ॥
গুচোক আমাৰ ইটো কলঙ্ক ললাট।
পাতালত পশোঁ বসুমতী মেলা ফাট॥
কায় বাক্য মনে যেবে ৰামক আৰাধোঁ।
স্বপনতো ৰাম বিনে আনক নসাধো॥
তেবে বসুমতী মোক ঝাণ্টে দিয়া বাট।
নচাওঁ মানৱৰ মুখ মাৱ মেলা ফাট॥
কৰিলোঁ সদৃঢ় চিত্তে ৰামকেসে সেৱ।
স্বামী ব্যতিৰেকে নজানিলোঁ আন দেৱ॥
তথাপি এনুৱা মোৰ মিলিল ললাট।
ৰাঘৱৰ মুখ নচাওঁ মাৱ মেলা ফাট॥
বিগুতি বিগুতি ৰামে মাতিৱন্ত মোক।
আউৰ মই নথাকো নথাকো ইটো লোক॥
২০