পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া সাহিত্যৰ চানেকি।


অতক ধান চাউল কত পালি।
পোৱে খালে, জীয়ে খালে,
থাক থাক থাক্॥

৭।

কুপৌ কু কু,
খুদ থৈছে৷ খাহি আহ।
কেনকৈ যাম?
বেঙ্গেনা গছত ডৌকা থৈ
দেও দি কি আহ॥

৮।

বেজী সিওঁ সিওঁ?
নিসিবাঁ নিসিবাঁ।
পাত বাওঁ বাওঁ?
নেবাবাঁ নেবাবাঁ।
এই পিনে যাওঁ?
এই পিনে চুৱাপাতনি।
এই পিনে যাওঁ?
এই পিনে যম ৰজাৰ ঘৰ॥

৯।

পেহী ঔ পেহা, আমলখি কেহা,
টেকেলি পেটা গোবিন্দ ঔ জাল বাওঁ গৈ আহা॥
জাল বাই জুলি বাই যাওঁ সিপাৰত।
আবতনী পলাই গল মনৰ বেজাৰত॥

১১

অ ফুল অ ফুল নুফুল কিয়?
গৰুৱে যে আগ খায় ফুলিমনো কিয়?
অ গৰু অ গৰু আগ খা কিয়?
গৰখীয়াই যে মোক নৰখে আগনো নেখাম কিয়?
অ গৰখীয়া অ গৰখীয়া গৰু নেৰাখ কিয়?
ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰাখিম কিয়?
অ ৰান্ধনী অ ৰান্ধনী ভাত নিদিয় কিয়?
খড়িকটীয়াই যে খড়ি নিদিয়ে মইনো দিম কিয়?
অ খড়িকটীয়া অ খড়িকটীয়া খড়ি মিদিয় কিয়?
কমাৰে যে দা নিদিয়ে মইনো দিম কিয়?