পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৭
দেৱজিত ৷

সব্য সুগ্ৰীৱ মেঘ পুষ্প বলাহক।
মনোজয় বেগে হৰি ডাকিলা ৰথক॥ ৮৩৬
খৰতৰ বেগে যে মাধৱে ডাকে ৰথ।
ক্ষণেকে পাইলেক যাই মাৰুতৰ পথ॥
মাৰুতৰ বাট চেৰাই পাইলা আকাশ।
নিমিষে পাইলেক যাই স্বৰ্গৰ যে পাশ॥ ৮৩৭
স্বৰ্গৰ দুৱাৰ ভেদি ৰথ ডাকে হৰি।
নিমিষে পাইলেক যাই অম্ৰাৱতীপুৰি॥
ৰথৰ নামিয়া যে অৰ্জ্জুনে দামোদৰ।
ধীৰে ধীৰে চলি গৈলা অদিতিৰ ঘৰ॥ ৮৩৮
ৰত্নৰ আসনে বসি আছে মহাসতী।
সাক্ষাতে দেখিয়া যেন হৰৰ পাৰ্ব্বতী॥
সেহি মতে বসি আছে দেৱতাৰ মাৱ।
চৌপাশে আৱৰি আছে দেৱকন্যাচয়॥ ৮৩৯
কৃষ্ণ ধনঞ্জয় দুয়ো সবিনয় হুই।
প্ৰণাম কৰিলা অদিতিৰ পাৱে ছুই।
অদিতিক দণ্ডৱতে নমি বনমালী।
হেন দেখি অদিতি ধৰিলা আঙ্কোৱালি॥৮৪০
মাধৱক বসাইলন্ত ৰত্নৰ আসনে।
একাসনে বসিলন্ত পাণ্ডুৰ নন্দনে॥
মাধৱক চাই সতী বুলিলা বচন।
তোমাৰ লগত বসিলন্ত কোন জন॥ ৮৪১
মাধৱ বদতি তুমি শুনিয়োক আই।
এহিতো পণ্ডৰ পুত্ৰ নাম ধনঞ্জয়॥
নিমিত্ত যে পাণ্ডুপুত্ৰ ইন্দ্ৰৰ তনয়।
তোমাৰ নাতি এন্তে জানিবা নিশ্চয়॥ ৮৪২
অদিতি বদতি পুত্ৰ শুনা নাৰায়ণ।
কিসক আসিলি দুয়ো স্বৰ্গৰ ভুবন॥
মোহোৰ পাপক দুয়ো আসিলি কিসক।
শীঘ্ৰ কৰি আজি পুত্ৰ মোত কহিয়োক। ৪৩

৩৮