পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
অসমীয়া সাহিত্যৰ চানেকি ৷

হেন শুনি মাধৱে মাতিলা মনে গুণি।
কি কাৰ্য্যে আসিছোঁ আই শুনিয়ো গোসানী॥
মোক ইন্দ্ৰে নিন্দিলা স্বৰ্গত যত শত।
কি কহিষো আই মই তোমাৰ আগত॥ ৮৪৪
তোমাত কহিলোঁ মই শুনিয়োক আই।
ইন্দ্ৰক কৰিবো ৰণে মৃত পৰায়॥
প্ৰাণমাত্ৰ ৰাখিবো যে শুনা স্বৰূপত।
মৰণসদৃশ মই কৰিবো ৰণত॥ ৮৪৫
দেৱতাৰ মুখে শুনি যুদ্ধৰ কাৰণ।
অনেক বুলি আই দুৰ্ব্বাক্য বচন॥
তোমাত কহিয়া দোষ এৰাইলোহোঁ আই।
দিয়োক মেলানি যাওঁ ইন্দ্ৰক যে ধাই॥৮৪৬
মাধৱৰ বচনে অদিতি বোলে বাণী।
দেৱতাক ধাই শীঘ্ৰে যোৱা চক্ৰপাণি॥
দিলেহো মেলানি পুত্ৰ শস্ত্ৰ কৰি যাওঁ।
সম্মুখ সমৰে আজি ইন্দ্ৰক ভঙ্গাওঁ॥ ৮৪৭
অদিতিক নাম পাচে অৰ্জ্জুন শ্ৰীহৰি।
ৰথত চৰিলা দুয়ো বিমৰ্দ্দন কৰি॥
বাঘ জৰি ধৰিয়া ঘোৰাত দিলা বাৰি।
চাৰি দিব্য ঘোৰ চলে উৰ্দ্ধমুখ কৰি॥ ৮৪৮
স্বৰ্গক চাৰিয়া পাচে আকাশ এৰাইলা।
মাৰুতৰ বাট চেৰাই ৰণভূমি পাইলা॥
আকাশৰ পৰা যেন শুক্ল মেঘচয়।
সেহি মতে ৰথে চৰি কৃষ্ণ ধনঞ্জয়॥৮৪৯
বৈশম্পায়ন বদতি যে শুনা জন্মেজয়।
গৃহৰ ভিতৰে যি কৰিলা দেৱচয়॥
দিশ বিদিশক নপাৱয় দেৱত্যই।
উশাই নপাই ঘূৰি ফুৰে দেৱচয়॥৮৫০
ইন্দ্ৰে যে দেখন্ত পাচে বজ্ৰসম ঘৰ।
হেন দেখি ক্ৰোধত জ্বলিলা পুৰন্দৰ॥