পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৫
দেৱজিত।

সেহি মতে শৰ যায আকাশত চলি।
প্ৰলয়ৰ অগ্নি যেন দশো দিশে জ্বলি॥ ৭৪৬
অৰ্জ্জুনে দেখন্ত ৰুদ্ৰ শৰ আসে ধাই।
সেহি বেলা ৰুদ্ৰশৰ লৈলা ধনঞ্জয়॥
ৰুদ্ৰৰ শৰক ৰুদ্ৰশৰ প্ৰহাৰিলা।
বিধুম অগনি হুই গগনে চলিলা॥ ৭৪৭
যেন মহা গৰুড়ে সৰ্পক গৈলা ধাই।
মাৰিলা সৰ্পক যে গৰুড়ে লাগ পাই॥
সেহি মতে অৰ্জ্জুনৰ ৰুদ্ৰশৰ যায়।
হৰশৰ বিনাশ কৰিলা শৰে পাই॥ ৭৪৮
হৰৰ যে ৰুদ্ৰশৰ ব্যৰ্থ হুয়া গৈলা।
তল বল কৰি মহীমন্দৰ লৰিলা॥
ৰুদ্ৰশৰ ছন্ন কৰি অৰ্জ্জুনৰ শৰ।
বেগে যাই পশিলেক তূণে অৰ্জ্জুনৰ॥ ৭৪৯
আত অনন্তৰে ধনঞ্জয় মহাবীৰ।
কুৰি শৰে ভেদিলন্ত ৰুদ্ৰৰ শৰীৰ॥
তীখাল চোকাল দিব্য হানিলন্ত শৰ।
পুনু পুনু তাৰিলন্ত শৰীৰে হৰৰ॥ ৭৫০
বৃষভক মাৰিলন্ত বিংশতি নৰাচ।
কেঙ্কাই ফোপাই গৈল কুৰি হাত পাচ॥
অৰ্জ্জুনৰ কৰ্ম্ম দেখি কুপিলন্ত হৰ।
অৰ্জ্জুনক লাগি প্ৰহাৰিলা দিব্য শৰ॥ ৭৫১
মনো জয় বেগে শৰ চলে আকাশত।
অৰ্দ্ধচন্দ্ৰ মাৰে বীৰে কাটিলা বাটত॥
ভল্ল ত্ৰিকন্তিকা আৰু মাৰে ত্ৰিনয়নে।
অৰ্জ্জুন হিয়াত শৰ ভেদিলা সন্ধানে॥ ৭৫২
শৰৰ প্ৰহাৰে অৰ্জ্জুনৰ ক্ৰোধ বৰ।
শঙ্কৰক লাগি লৈলা ব্ৰহ্মদত্ত শৰ॥
শাৰঙ্গৰ গুণে যুৰি প্ৰহাৰিলা টানি।
আকাশে চলিলা যেন প্ৰলয় অগনি॥ ৭৫৩