পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দশো দিশ যুৰি যায় ঘোৰ ব্ৰহ্ম বাণ।
ব্ৰহ্মা আদি দেৱগণ ভৈলা কম্পমান॥
চৰাচৰ সিদ্ধ সবে লৱৰি পলাইলা।
ঘোৰ মূৰ্ত্তি ধৰি অস্ত্ৰ শঙ্কৰক ধাইলা॥ ৭৫৪
দশো দিশ আকাশ ঢাকিলা নিৰন্তৰ।
শঙ্কৰক ধাই গৈলা বিদ্যুত সঞ্চাৰ॥
ব্ৰহ্ম অস্ত্ৰ দেখি শঙ্কৰৰ ভৈলা ডৰ।
আথ বেথ কৰি হৰে লৈলা ব্ৰহ্ম শৰ॥ ৭৫৫
পিনাকত যুৰি প্ৰহাৰিলা মহেশ্বৰে।
মনোজয় বেগে চলে বিদ্যুত সঞ্চাৰে॥
অৰ্জ্জুনৰ ব্ৰহ্মবাণ ব্ৰহ্মবাণে পাই।
আকাশত ব্ৰহ্মবাণ কৰিলেক ক্ষয়॥ ৭৫৮
অৰ্জ্জুনৰ ব্ৰহ্ম বাণ সংহৰি সেইক্ষণে।
পুনু পশিলন্ত যাই শঙ্কৰৰ তূণে॥
ব্ৰহ্মবাণ চন্ন দেখি অৰ্জ্জুন বদতি।
আপোনাক ৰাখা আজি দেৱ পশুপতি॥ ৭৫৭
অযুত নিযুত লক্ষ হাজাৰে হাজাৰ।
দুয়ো হাতে শৰাচ্ছন্ন কৰে বীৰবৰ।
আৰু প্ৰহাৰিলা লক্ষ কোটি দিব্য শৰ।
এহি মতে শৰ প্ৰহাৰয় বীৰ বৰ॥ ৭৫৮
দিশ পাশ আকাশ ঢাকিল নিৰন্তৰ।
মৰ্ম্মস্থান চাই বীৰে ভেদে কলেৱৰ॥
জজ্জৰিত ভৈলা হৰ অৰ্জ্জুনৰ শৰে।
বুকে কোষে পিঠি শৰে ভেদে নিৰন্তৰে॥ ৭৫৯
বিকল বিহ্বল হুয়া গুণে মহেশ্বৰ।
ধনঞ্জয়ে কৰে মোক সম্মুখ সমৰ॥
পিঠি পাচে কোষে শৰ কৰয় প্ৰহাৰ।
পিঠিক ভেদিয়া মোৰ বুকে ওলায় শৰ॥ ৭৬০
অনুমানে জানিলোঁ শাৰঙ্গ মাধৱৰ।
তাতে সে পৰয় চতুৰ্দ্দিশে চানি শৰ॥