পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
দেৱজিত

ৰসকুণ্ড খাইলোঁ মই ধেনু ৰূপ ধৰি॥
তেবেসে অসুৰ তই পেলাইলিহি মাৰি॥ ৭৩১
হেন মহেশ্বৰ তোৰ দেখিছোঁ মহত্ত্ব।
ত্ৰিপুৰত হন্তে হৰ দৰ্প ভৈলা হত॥
কি মতে অৰ্জ্জুন মাৰা দেখোঁ মুনি সাই।
অৰ্জ্জুনত হাবি ৰণ যাইবিহি পলাই॥ ৭৩২
মাধৱৰ বচনে ৰুদ্ৰৰ ক্ৰোধ বৰ।
ভ্ৰুকুটিকুটিল মুখ দেখি লাগে ডৰ॥
ওৰ কুসুমৰ বৰ্ণ লোচন যে তিনি।
জ্বলিবে লাগিল যেন প্ৰলয় অগনি॥ ৭৩৩
পিনাক ধনুক হৰে টঙ্কাৰিলা ধৰি।
ধনুৰ প্ৰচণ্ড শব্দ পাচে গৈলা চৰি॥
ধনুৰ প্ৰচণ্ড শব্দ স্বৰ্গক পূৰিলা।
তাৰ প্ৰতিধ্বনি লাগি পৃথিবী লৰিলা॥ ৭৩৪
অৰ্জ্জুন বদতি প্ৰভূ শুনা মহেশ্বৰ।
আগে তুমি কৰা মোক শৰৰ প্ৰহাৰ॥
পাচে প্ৰভু তুমি মোক নেদিবাহা দোষ।
মোৰ শৰ পাই হুইবা মনত সন্তোষ॥ ৭৩৫
এহি বুলি শাৰঙ্গ ধনুক ধৰি কৰে।
টঙ্কাৰ কৰিলা ধনঞ্জয় বীৰবৰে॥
ধনুৰ প্ৰচণ্ড শব্দ উঠিলেক ৰোল।
পূৰিলেক দশোদিশ স্বৰ্গৰ যে কোল॥ ৭৩৬
প্ৰচণ্ড শব্দৰ ৰোলে পৃথিবী পূৰিলা।
সাগৰ খলকি ঢউ আকাশে লঙ্ঘিলা॥
তাৰ প্ৰতিধ্বনি পাচে ৰুদ্ৰক গৈলা ধাই।
ধনুৰ প্ৰচণ্ড শব্দে বিমূৰ্চ্ছিতপ্ৰায়॥ ৭৩৭
পিনাকত জুৰি হৰে ৰচে দশ বাণ।
প্ৰথমতে অৰ্জ্জুনক কৰিলা সন্ধান॥
আকাশে চলিলা শৰ দেখি লাগে ডৰ।
অৰ্জ্জুনৰ হিয়াত পৰিলা দৃঢ়তৰ॥ ৭৩৮