পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৬১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমাক মাৰন্তা সখি নাহি একো জন।
আকে জানি হৰক কৰিয়ো ঘোৰ ৰণ॥
এহি মতে কথা মাতে আছে দুয়ো জন।
বৃষভ বাহনে হৰ আগে উপসন্ন॥ ৭২৪
বিজুলী চমকে হৰ আগত ৰহিলা।
তলবল কৰি মেৰুমন্দৰ লৰিলা॥
সপ্তসাগৰক ঢউ পৰ্ব্বত লঙ্ঘিলা।
কুম্ভীৰ মগৰ মানে পাতালে পশিলা॥ ৭২৫
চৰাচৰ সিদ্ধ নৰ সৱে ভৈলা ত্ৰাস।
কম্পিলেক স্বৰ্গ আৰু পৃথিবী আকাশ॥
মহেশ বদতি শুনা হেৰা দামোদৰ।
দেৱতাৰ যুদ্ধ ভৈলা তোহোৰ অন্তৰ॥ ৭২৬
দেৱতাৰ অৰ্জ্জুনৰ কৰাইলিহি ৰণ।
তোহোৰ কাৰণে দেৱসেনা ভৈলা ছন্ন॥
আজি অৰ্জ্জুনক মাৰি নিবো যমঘৰ।
কি মতে ৰাখাহ তাক দেখো দামোদৰ॥ ৭২৭
স্বভাৱে কপটী তই নিলাজ যাদৱ।
অদোষতে বাণ ৰাজাক কাটিলি মাধৱ॥
তাৰ প্ৰতিফল দেওঁ থাকা স্বৰূপত।
কৰ-যুদ্ধ নকৰোঁ নুশুধি অৰ্জ্জুনত॥ ৭২৮
পাপ পুণ্য নাই শুনা পাণ্ডুৰ সন্ততি।
মোক যুদ্ধ কৰা তই দৃঢ় কৰি মতি॥
যদি মই তোক মাৰোঁ যাইবা বিষ্ণুলোক।
মোক যদি মাৰা যাইবোঁ শিৱৰ পুৰক॥ ৭২৯
দিবি কি নেদিবি যুদ্ধ কহা দৃঢ় কৰি।
সত্বৰে না যাইবো যুদ্ধ নকৰিয়া ফিৰি॥
হেন শুনি মাধৱে কৰিলা পাচে হাস।
ত্ৰিপুৰত হন্তে হৰ ভৈলি বৰ ত্ৰাস॥ ৭৩০
পাচে হৰ তই মোত পশিলি শৰণ।
তোহোক ৰাখিলোঁ মই কৰি ঘোৰ ৰণ॥