পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৪
অসমীয়া সাহিত্যৰ চানেকি।

তানে পুত্ৰ দুই ভৈলা অধম-আচাৰ।
বিমুখে মাৰিয়া পাইলা কুল-কিলিঙ্কাৰ॥
মোক বুলিলাহা এন্তে সীতাৰ কাৰ্য্যক।
আজি বান্ধি আনি দিবে পাৰোঁ ৰাৱণক॥
আমাক এৰিয়া সুগ্ৰীৱক কৈলা সাৰ।
সিংহ এড়ি শৃগালত আশিকা তোমাৰ॥
সুগ্ৰীৱে সাধিবে কাৰ্য্য নোৱাৰিবে ভালে।
যদিবা সাধিবে কাৰ্য্য আতি চিৰকালে॥
ৰাৱণক সুগ্ৰীবে পাৰয় কি কৰিতে।
আনি দিবে পাৰোঁ ৰাৱণক তিলিকিতে॥
পূৰ্ব্বকালে ৰাৱণে ব্ৰক্ষাত বৰ পাই।
স্বৰ্গ মৰ্ত্ত্য পাতালক ফুৰাৱে কম্পাই॥
ভঙ্গ মানিলন্ত ইন্দ্ৰ আদি দেবগণ।
কিষ্কিন্ধ্যাত আসি মোত মাগিলেক ৰণ॥
মই বোলোঁ ৰাৱণ বসিয়া থাক ঘৰে।
স্নান কৰি আসোঁ মই চাৰিও সাগৰে॥
ৰাৱণে বোলয় ভাল কৰ আটি-মুটি।
জীৱ যেবে বানৰা কৰিচি সাটি-দুটি॥
লাঘৱ বচনে মই ক্ৰোধ বৰ পাইলোঁ।
কথিত নি দাৱতিয়া তুলি আলগাইলোঁ॥
দশমুখ ৰাৱণক ধৰি বাহু মেলি।
দোঙ্‌কা-দোঙ্কি পাৰে বুঢ়া হাতৰ চেঙ্গেলি॥
সৰ্পক ধৰিয়া যেন গড়ে উৰান্ত।
ৰাৱণক গৈয়া মই গৈলোঁ সাগৰান্ত॥
নাকে মুখে ৰাৱণক ধৰিলোঁ জপাই।
উসসিল পেট তাৰ হৃদি সিধি নাই॥
পূৰ্ব্ব দিশ দক্ষিণ পশ্চিম উত্তৰত।
সন্ধ্যা কৰি ফুৰিলোঁহোঁ চাৰি সাগৰত॥
দণ্ড দুইৰ ভিতৰে সমুদ্ৰে সন্ধ্যা কৰি।
ত্বৰিতে আসিয়া ভৈলোঁ কিষ্কিন্ধ্যা নগৰী॥