এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
অসমীয়া সাহিত্যৰ চানেকি ৷
পাছে এক বাৰ বিশ্বামিত্ৰ নামে,
ঋষিৰ নাথক গৈলোঁ।
ৰাক্ষসে সহিতে যজ্ঞ ছন্ন কৰি,
অনেক ঋষিক খাইলোঁ॥
ধৰ্ম্মৰ চৰিত্ৰ ঋষি বিশ্বামিত্ৰ,
তেহোঁ আতি বৰ তপী।
পৰম কপালু অধৰ্ম্মক ডৰে,
মোক নমাৰিলা শাপি॥
আতি মহাত্ৰুৰ ৰাক্ষসৰ জাতি,
আশঙ্কক বৰ পাইলোঁ।
ৰাক্ষসক লৈয়া নিতে নিতে গৈয়া,
ঋষিগণ মাৰি খাইলোঁ॥
হেন দেখি আছে বিশ্বামিত্ৰ পাছে,
গৈলা অযোধ্যাক লাগি।
দশৰথ মহা- ৰাজত ঋষিয়ে,
ৰামক আনিলা মাগি।
পূৰ্ব্ব কাল মতে যজ্ঞ আৰম্ভিলা,
ঋষি সবে কৰে কাম।
দিব্য ধনু শৰ হাতত ধৰিয়া,
ৰাখিয়া থাকিলা ৰাম॥
ঋষিক ভুঞ্জিয়া লাণ্টা পায়া পাছে,
চাপিলোহোঁ গৈয়া কোল।
দেখা দেখা ৰাম বুলিয়া ঋষিৰ,
উথলিল মহা ৰোল॥
আকাশত দেখি পাছে মোক লাগি,
ৰামে কৰিলন্ত শৰ।
মহা বেগে গৈয়া হিয়াত পৰিয়া,
কম্পি গৈল কলেৱৰ॥