পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
সীতা হৰণ ৷

দেখোঁ অন্ধকাৰ ৰামৰ প্ৰহাৰ,
 যেন শঙ্কৰৰ শূল।
চেতন নাপাইলোঁ আকাশে উৰাইলোঁ,
 যেন শিমলীৰ তুল॥
ইন্দ্ৰৰ বজ্ৰৰ প্ৰহাৰতে শালি,
 গাৱত মোৰ পৰিল।
বৰৰ প্ৰসাদে মোহোৰ গাৱৰ,
 লোম গাছো নলৰিল॥
যত যত অস্ত্ৰ কৰিল প্ৰহাৰ,
 মোহোক দেৱ-অসুৰ।
মোহোৰ কঠিন গাৱত পৰিয়া,
 সবে ভৈল মাসিমুৰ॥
আপুনি জানাহা নৃপতি ৰাৱণ,
 মাৰীচ যিমত বীৰ৷
কহোঁ স্বৰূপত ৰামৰ শৰত,
 পৰিল দেখোঁ শৰীৰ॥
তুলা যেন ঠানে ৰাঘৱৰ বাণে,
 গগনক খেদাইলেক।
নিমিষেকে নিয়া সাগৰ চড়িয়া,
 সি কুলত পেলাইলেক॥
পাছে চিৰকালে কথমপি তথা,
 চেতন মই লভিলোঁ।
বন্ধুজন দেখি- বাক ধীৰে ধীৰে,
 লঙ্কাক লাগিয়া গৈলোঁ॥
অদ্যপি ৰামৰ প্ৰহাৰ সুমৰি,
 ধৰিতে নপাৰো মন।
সবে পৰিহৰি সি কাৰণে তপ,
 কৰোঁ এহি তপোবন॥