সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
অসমীয়া সাহিত্যৰ চানেকি।

দোলড়ি।

আহ্মৰ বাপৰ  তুমি প্ৰিয় মন্ত্ৰী,
 বচন মোৰ সুনাহা।
দুখৰ ভাজন   বাপৰ আগত,
 কুশল বাৰ্ত্তাক কহা ॥
জীৱন্তে আছন্ত ,  দুখৰ ভাজনী,
 কৌশল্যা সুমিত্ৰা আই।
কৈবে দুইৰো আগে   সুখে জীৱৈ তিনি,
 স্বাদ বনফল খাই॥
কৈকেই প্ৰমুখ্যে   মাৱক প্ৰণামি,
 জনাইবাহা পাছে মোক।
ৰামে বুলিলন্ত   ভালে মঞি আছোঁ,
 তুমি সব তেজা শোক॥
বাপৰ চৰণ   বন্দিয়া বুলিবি,
 তোহ্মাৰ ৰাম ভকত।
আছো বনবাস   তযু সত্য পালি,
 নৰক যাইতে শকত॥
ভৰতক ঝাণ্টে   ৰাজ্য়ে থাপিয়োক,
 তেজিয়োক সবে শোক।
অবিৰোধে বন   তেজিয়া যাইবোঁহো,
 ছবিতে দেখিবা মোক॥
ভৰতক মোৰ   বচন বুলিবি,
 সুভাষিত মোৰ ভাই।
কৈকেই সদৃশ  দেখিবে মোহোৰ,
 কৌশল্যা সুমিত্ৰা আই॥