পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰামৰ বনবাস।

তাহান বিপতি হেন মিলিল অপাই।
জীৱনতো ধিক মোৰ পৰাণ নযাই।
সুনি গুহ নৃপতিৰ পৰাণ নসহে।
দশৰথ বহ্নি জ্বলি অন্তৰ্গতে দহে॥
তিনিকো পীড়িল শোকে জ্বলিয়া প্ৰচণ্ড।
কান্দন্তে পুহাইল ৰাত্ৰি উদিত মাৰ্ত্তণ্ড॥
বাঘৱে বোলন্ত লখাই ঝাণ্টে চাল গাৱ।
পুহাইল ৰজনী কুলি তেজিলেক ৰাৱ॥
ময়ুৰৰ নাদে সুন পুৰিলেক বন।
ধনু কাণ্ড লৈয়ো ভাই কৰিয়ো গমন॥
ৰামৰ বচন সুনি বিনীত লক্ষ্মণে।
টোণ বাণ খড়গ সাজি লৈলা তেতিক্ষণে॥
আগত লক্ষ্মণ সীতা পাছে ৰঘুনাথ।
আগ বাঢ়ি সুমন্ত বুৰিলা যোৰহাত॥
লখিলঞো তুমি পাৱে পৰিলাহা দিশ।
আজ্ঞা দিয়ো প্ৰভু মঞি কৰিবোহো কিস॥
ৰাঘৱে বোলন্ত মন্ত্ৰী অযোধ্য়াক চল।
লোকত জনাইবে মোৰ বাৰ্ত্তাক কুশল॥
হেন সুনি মন্ত্ৰী ভৈল বিকল স্বভাৱ।
মৰিলোহোঁ বুলিয়া দিলেক দীৰ্ঘ ৰাৱ॥
আশেষ কান্দিয়া বোলে চৰণত ধৰি।
দেশক নযাইবোঁ থাকো তবু সেৱা কৰি॥
শ্ৰীৰামে বোলন্ত মন্ত্ৰী হেন নোহে বোগ।
তিন দিন বাপৰ নাহিকে ৰাজ ভোগ॥
জীৱন্তেঁ কি দশৰথে.তেজিলন্ত মোক।
আশ্বাসিৰি ভালে তাঙ্ক যেন পলাই শোক॥
ৰামৰ চৰিত্ৰ কথা অমৃত পৰম।
সংসাৰ তৰণ ইতো উপায় সুগম।
জানিয়া ৰামৰ পায়ে থিৰ কৰি মন।
বোলা ৰাম ৰাম যবে সামাজিক জন॥