পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৪
অসমীয়া সাহিত্যৰ চানেকি।

ধিক তোক পাপিষ্ঠী বুলিয়া মহাৰাই।
লাজে শোকে থাকিলা ভূমিক লাগি চাই॥
হেন দেখি বুলিলন্ত বৃদ্ধ মহামাত্য।
নামত সিদ্ধাৰ্থ তেহোঁ চিৰকালি পাত্ৰ॥
আছিল অসমঞ্জস কুট বড় খল।
শিশু মাৰি পেহলাৱয় সৰযুৰ জল॥
শোকে বিনাৱয় প্ৰজা নৃপতিত কাজ।
সি কাৰণে তেজিলা সগৰ মহাৰাজ॥
গুণৰ সাগৰ ৰাম সৰ্ব্বজন হিত।
দেৱ দ্বিজ ভক্ত পিতৃ মাতৃত বিনীত॥
জন মন কুমুদ প্ৰকাশ শশধৰ।
কোন দোষে শ্ৰীৰামক গুচাইবে ৰাজ্যৰ॥
বাৰে বাৰে বোল তঞি ৰামক গুচিত।
মঞি জানো তোক যেন কৰিতে উচিত॥
সব ৰাজে সাজিয়া ৰামৰ লগে যাউক।
কুকুৰ শৃগালে তোক লাৰি চাৰি খাউক॥
ৰাজাৰ কুমাৰী ৰূপে আইলি ৰাক্ষসিনী।
দশৰথ হেন স্বামী ভৈলি নিকাৰুণী॥
পৰম পাপিনী দেখিবাকো নোহে যোগ।
অচিকিৎস্য ব্যাধি ভৈল যেন গৰ্ভৰোগ॥
নৃপতি বোলন্ত সুন হাঞৰে পাপিষ্ঠী।
তোক দেখি পড়ে যেন নৰকত দৃষ্টি॥
ৰাজ ভোগ তেজি মঞি ভৈলোহোঁ নৈৰাশ।
সুখে থাক ৰাম সঙ্গে যাঞে বনবাস॥
ৰাঘৱে বোলন্ত পিতৃ চিত্ত কৰা থিৰ।
বনবাসে যোগ্য মোক দিয়া ৰাজ চিৰ॥
পুত্ৰৰ লগত বন যাইতে নোহে যোগ।
বন্ধুজন পালিয়ে কৰিয়ো ৰাজ্য ভোগ॥
সুনিয়া কৈকেই অতি সহৰিষ মনে।
তিনিকো বাকলি বস্ত্ৰ দিলা তেতিক্ষণে॥