পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৫
ৰুদ্ৰ কন্দলী

বৰ বৰ বীৰে দিলে অস্ত্ৰ ঝাকে ঝাকে।
শৰ হানি গুৰু ক্ষণে কাটিলন্ত তাকে॥
তাসম্বাক ভঙ্গাই এক শৰ লৈলা তুলি।
বিৰকত বীৰক মাৰিলে হুঃ বুলি॥
বৰ ছোটে শৰ পাত পৰিল হৃদিত।
ভূমিত পৰিল গৈয়া দাৰুণ বেগত॥
ভূমিত পৰিল গৈয়া মৰা কলেবৰ।
বতাসে ভাঙ্গিলা যেন বৃক্ষ চম্পকৰ॥
ৰাজাৰ কুমাৰ এক বাণে যে পৰিল।
পাঞ্চাল ৰাজাৰ যেন হৃদয় লৰিল॥
তানে চাৰি সোদৰ ভ্ৰাতৃৰ সন্তাপত।
দ্ৰোণক ধাইলেক আৰু সেনা অপৰ্য্যাপ্ত॥
শৰ ছোটে ভঙ্গাইলেক দ্ৰোণ সেনাপতি।
ক্ষণেকতে কৰিলন্ত চাৰিকো বিৰথি॥
পুৰ্ণ চন্দ্ৰ সমজলে চাৰিৰো বদন।
ভল্লে কাটিলন্ত ভৰদ্বাজৰ নন্দন॥
চাৰিৰো বদন ধৰণীত পৰি ভাসে।
লাল চিঙ্গা পদ্মো যেন কৰয় প্ৰকাশে॥
আগত পৰিল যেন সোদৰ পঞ্চ ভাই।
ধৃষ্টদ্যুম্ন কান্দন্ত লোতক বহি যাই॥
হাঁ কি কৰিলোঁ মই কোথাই সন্ধয়োঁ।
সহোদৰ পঞ্চ ভাইৰ সন্তাপ এৰায়োঁ॥
দ্ৰোণক নমাৰি কেনে থৈয় আছোঁ ৰাখি।
নিতে নিতে ব্ৰহ্মবধী ভাঙ্গে মোৰ পাখি॥
সাৰথিক বোলোঁ মোৰ তে বাহা ৰথ।
আবে ব্ৰাহ্মণক মাৰি পেশো যম পথ॥
সাৰথিও দ্ৰুত কৰি বাহিলন্ত ৰঙ্গে।
ধৃষ্টদ্যুম্নে দ্ৰোণক মাৰিলা শৰ খঙ্গে॥
বাহু হৃদি ললাটে ফুটিলা গুৰু দ্ৰোণে।
হাহাকাৰ কৰয় সকলে কুৰুগণে॥