পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৬
অসমীয়া সাহিত্যৰ চানেকি।

ডাঢ়িয়া ডাঢ়িয়া বীৰে হৃদয় ফালয়।
গুৰু দ্ৰোণে তাহাকো কটাক্ষ নকৰয়॥
দুনাই দুনাই কোপে ধৃষ্টদ্যুম্ন বীৰ সাৰ।
কৰিলন্ত নবৈ শৰে হৃদয় দোহাৰ॥
বৰ ছোট পায়া দ্ৰোণে ৰথত পৰিল।
দুনাই দশ শৰে তাৰ ললাটে ভেদিল॥
হাহাকাৰ ভৈলে দুনাই কৌৰব দলত।
ধৃষ্টদ্যুম্ন খাণ্ডা ধৰি নামিলা ৰখত॥
খাণ্ডা তুলি ব্ৰাহ্মণক কাটিবাক যান্ত।
সৰ্পক দেখিয়া যেন গৰুড়ে কাম্পন্ত॥
দ্ৰোণ ৰাখিবাক মনে সব বীৰগণে।
নিৰন্তৰে কৰিলেক শৰৰ সন্ধানে॥
খঙ্গৰ বেগত শৰ কাটিয়া পথত।
ঝাম্প দিয়া চৰিলন্ত দ্ৰোণৰ ৰখত॥
খাণ্ডা তুলি যাৱ মাৰিবাক চান্ত নৃপে।
চক্ষু মেলি দেখি জাম্প দিলা সেহি চিপে॥
তেখনে ধৰিলা ধনু বিগত প্ৰমাণ।
বিগন্থিয়া শৰ দ্ৰুতে কৰিলা সন্ধান॥
লাম্ফে লাম্ফে দুয়ো বীৰ ফুৰয় ৰথত।
কাটিবাক নপাৰিলা শৰ সন্ধানত॥
কেটলা পশুৰ যেন ভৈলা কলেবৰ।
জাম্প দিয়া নামিলন্ত দ্ৰোণৰ ৰখৰ॥
ডাঙ্গৰ ধনুক দ্ৰোণে তেখনে ধৰিলা।
ধৃষ্টদ্যুম্নো তেখনে আপোন ৰথে গৈলা।
সেহিক্ষণে ধনু ধৰি দ্ৰুপদ নন্দন।
দ্ৰোণক কৰিলা দশ নাৰাচ সন্ধান॥
পুনৰপি ভৈলা দুইৰো সমৰ অদ্ভুত।
দুইৰো শৰে সেনাগণ ভৈলা ভস্মীভূত।
ছিদ্ৰ পাই দ্ৰোণে হানিলেক এক বাণ।
পাঞ্চালৰ সাৰথিৰ লৈলন্ত পৰাণ ॥