এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গু কৰতি।
গু কৰতি নিজ গুৰুৰ বচন শুনি।
আদি আজ্ঞা অনাদি আজ্ঞা।
একেশ্বৰে আছো মই আদি নিৰঞ্জন॥
সৃষ্টি নাহিকে মোৰ নকৰে শোভন।
এহি বুলি গোসাইৰ মন ভৈলা॥
প্ৰকৃতিক কটাক্ষে চাহিলা।
নাভি কমলতে ব্ৰহ্মা উলজিলা॥
হৃদয় কমলতে বিষ্ণু উপজিলা।
ললাটতে ৰুদ্ৰ উপজিলা॥
সৃষ্টি কৰিবাক আদেশিলা।
আজ্ঞা শুনি সৃষ্টি তেখনে কৰি নিৰ্য্যান॥
চৈধ্যতলা পৃথিবীৰ যাৰ যত ধৰ্ম্ম।
তেতিক্ষণে সৃষ্টি কৰিলা নিৰ্ম্মাণ॥
ব্ৰহ্মায়ে স্ৰজন্ত বিষ্ণুৱে পালন্ত ৰুদ্ৰে সংহাৰত॥
চৈধ্যতলে পৃথিবীৰ হৰেক ৰকম বিষ ব্যাধিগণ।
উপক পকে গাঠিগণ।
বেদৰ বাহিৰে খেত্ৰ একে ঠাই হুই॥
মনুষ্যক খাই হৰেৰ ভিতৰে নাভিৰা সৈন্যাসিৰ।
ভেশ ধৰি আছে মহেশ্বৰ॥
সেহি বেলা বৈদ্য ধনন্তৰি গৈলা মহেশৰ ঠাই।
তাঙ্ক দেখি ধিয়ান ভঙ্গ ভৈলা॥
বৈদ্য ধনন্তৰীক সুধিবাক লৈলা।
কি কাৰ্য্যে জাসিলি মোৰ ঠাই।